ষষ্ঠ অনুসূচীৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মডেলিটিঃ ব্ৰহ্মপুত্ৰ, গোগামুখ দুখন নতুন জিলাৰ প্ৰস্তাৱ...

ষষ্ঠ অনুসূচীৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মডেলিটিঃ ব্ৰহ্মপুত্ৰ, গোগামুখ দুখন নতুন জিলাৰ প্ৰস্তাৱ...
ষষ্ঠ অনুসূচীৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মডেলিটিঃ ব্ৰহ্মপুত্ৰ, গোগামুখ দুখন নতুন জিলাৰ প্ৰস্তাৱ...

ডিজিটেল সংবাদ গোগামুখঃ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্যাদা পাবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মডেলিটি কি হ'ব ? এই প্ৰশ্নই বিগত দিনত বহুলভাৱে চৰ্চিত হৈ আহিছে। কিয়নো বৰ্তমানে থকা জিলা প্ৰশাসনিক গাঁথনিত অসমৰ মিচিং গাঁও অঞ্চলৰ নিৰৱচিছন্ন আৰু সংহত অঞ্চল নাই। কিন্তু মিচিং পৰিষদক ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদানৰ বাবে নতুন মডেলিটিৰ প্ৰস্তুত কৰা প্ৰথমবাৰলৈ পোহৰলৈ আহিছে।

অসমৰ দ্বিতীয় বৃহত্তম জনজাতি জনগোষ্ঠী মিচিংসকলৰ মিচিং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদানৰ দাবীত দীঘলীয়া সংগ্ৰাম অব্যাহত আছে। পৰিবৰ্তিত পৰিস্থিতিত মিচিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত সংগ্ৰামী মিচিং জাতীয় সংগঠনসমূহে নতুন চিন্তা-ধাৰা আৰু ৰণনীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ মিচিং স্বায়ত্তশাসিত পৰিষদ আইন ১৯৯৫-ৰ অধীনত মিচিং পৰিষদীয় অঞ্চলত বসবাস কৰা জনসাধাৰণৰ সামাজিক, অর্থনৈতিক, শৈক্ষিক, নৃগোষ্ঠীয় তথা সাংস্কৃতিক উন্নয়ন আৰু বিকাশৰ বাবে ১৯৯৫ চনত মিচিং স্বায়ত্তশাসিত পৰিষদখন গঠন কৰা হয়। পৰিষদৰ অঞ্চলসমূহক মূলতঃ দুই ভাগত বিভক্ত কৰা হৈছে- মুখ্য অঞ্চল (Core Area) আৰু উপগ্রহীয় অঞ্চল Satellite Area)।

মুখ্য অঞ্চল- যি নিৰৱচিছন্ন আৰু সংহত অঞ্চলত সামগ্রিকভাৱে ৫০ শতাংশ বা ততোধিক অনুসূচিত জনজাতিৰ লোক বাস কৰি আছে সেই সমগ্র অঞ্চলটোক মুখ্য অঞ্চল বুলি বিবেচিত। এইক্ষেত্রত কোনো এখন নির্দিষ্ট গাঁৱৰ জনগোষ্ঠীয় জনসংখ্যা বিচাৰ কৰা নহয়।

উপগ্রহীয় অঞ্চল-মূল অঞ্চলৰ পৰা বিছিন্ন ৫০ শতাংশ বা ততোধিক অনুসূচিত জনজাতি জনসংখ্যাসমৃদ্ধ গাঁও সমষ্টিসমূহ উপগ্রহীয় অঞ্চল বুলি চিহ্নীত। এম এ চিৰ অন্তর্গত এই অঞ্চলসমূহ অসমৰ ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া এই মুঠ দহখন জিলাত বিস্তাৰিত হৈ আছে।

ইয়াৰে গৰিষ্ঠসংখ্যক জনসংখ্যা ধেমাজি, মাজুলী আৰু লখিমপুৰ জিলাত আছে। ভাৰত চৰকাৰৰ ২০০১ চনৰ লোকপিয়ল অনুযায়ী মুঠ ১,৬৩১ খন গাঁও সামৰি লোৱা এম এ চিৰ মুঠ জনসংখ্যা ৮,৮৪,৯৭৯ গৰাকী।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ খন পৰীষদীয় সমষ্টি আছে, ক্ৰমে- ১ নং লালী, ২ নং মুর্কংচেলেক, ৩ নং গালী বিজয়পুৰ, ৪ নং ডেবিং ডেতাক, ৫ নং অবাং জোনাই, ৬ নং চাঞ্জাৰী নগৰ, ৭ নং চিমেন চমকং, ৮ নং চিলাসুঁতি, ৯ নং মুক্তিয়াৰ, (১০ নং অকাজান, ১১ নং উজনি চিচি, ১২ নং নামনি চিচি, ১৩ নং চিচিমুখ। ১৪ নং জীয়াধল, ১৫ নং গোগামুখ, ১৬ নং নলবাৰী, ১৭ নং মিংমাং, ১৮ নং ভীমপৰা বগীনদী, ১৯ নং ঘুণাসুঁতি পূব তেলাহী, ২০ নং অবনৰী, ২১ নং পূব ঢকুৱাখনা, ২২ নং খেৰকটা দাংধৰা, ২৩ নং লোহিত পশ্চিম, ২৪ নং ৰঙানদী, ২৫ নং ডিক্রং, ২৬ নং জীয়াভৰলী, ২৭ নং লোহিতমুখ, ২৮ নং ধনশিৰি দিচে, ২৯ নং গেলাবিল, ৩০ নং চংগা মাজুলী, ৩১ নং ফুলনি জকাইবোবা ৩২ নং ৰাদাং বিক্কং, ৩৩ নং যোৰহাট, ৩৪ নং দিচাং দিখৌ, ৩৫ নং দিহিং চেচা, ৩৬ নং শদিয়া।

ইপিনে মিচিংসকলৰ সংগ্ৰামী জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম পি কে আৰু মিচিং ৰাইজে মিচিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুক অধ্যক্ষ হিচাপে লৈ মিচিং, ৰাভা হাছং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ এলেকাক ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত পৰীক্ষাৰ বাবে কেবিনেট উপ-সমিতি গঠন কৰি দিছে।

কেবিনেট উপ-সমিতিৰ ওচৰত ইতিমধ্যেই মিচিং বানে কেবাং, টি এম পি কে, এম এম কেই মিচিং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধান ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদান কৰিবলৈ নতুন মডেলিটিৰ সৈতে স্মাৰক পত্ৰ দাখিল কৰিছে। জানিব পৰামতে কেবিনেট উপ-সমিতিয়েও ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদ অন্তৰ্ভুক্ত কৰাৰ সপক্ষে প্ৰতিবাদন দাখিল কৰাৰ সেউজ সংকেত দিছে।

অসম চৰকাৰে ১৯৯৫ চনত গঠন কৰা মিচিং স্বায়ত্তশাসিত পৰিষদখন ২০০৫ চনৰ পৰা এম এ চি আইনৰ কেইবাটাও সংশোধনীৰ অন্তত ২০১৩ চনত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত পৰিষদৰ দ্বাৰা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিকোপতি মিচিং স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱা নাই।

ফলত মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলেকাসমূহ এতিয়াও বহু সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সেয়ে বৰ্তমানৰ মিচিং স্বায়ত্তশাসিত পৰিষদখন পুনৰ সংগঠিত কৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে।উল্লেখযোগ্য যে, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ ক্ষেত্ৰত স্বায়ত্তশাসিত জিলা পৰিষদ আৰু স্বায়ত্তশাসিত আঞ্চলিক পৰিষদ গঠনৰ ব্যৱস্থা আছে।

তদুপৰি 'ভুৰিয়া সমিতি'ৰ প্ৰতিবেদনত মহকুমা পৰ্যায়ত স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ সম্ভাৱনা পৰীক্ষা কৰি পৰামৰ্শ দিয়া হৈছিল। কিন্তু মিচিং বসতি প্ৰধান এলেকা তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলেকা সিঁচৰতি হৈ আছে।

বৰ্তমানে থকা প্ৰশাসনিক জিলা হিচাপে নিৰৱচ্ছিন্ন আৰু সংহত অঞ্চল নাই। ফলত পৰিবৰ্তিত পৰিস্থিতিত উজনি ব্ৰহ্মপুত্ৰ নদীৰ নৈপৰীয়া এলেকাক সামৰি দুখন নতুন জিলা, দুটা নতুন মহকুমা আৰু এঘাৰটা উন্নয়ন খণ্ড সৃষ্টিৰে মিচিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদান কৰি পুনৰ্গঠন কৰিবলৈ মিচিং সংগ্ৰামী সংগঠন কেইটাই প্ৰস্তাৱ আগবঢ়াইছে।

সেইমতে প্ৰস্তাৱিত নতুন জিলা দুখন ক্ৰমে ব্ৰহ্মপুত্ৰ জিলা আৰু গোগামুখ জিলা। নতুন মহকুমা- দুটা ক্ৰমে বৰনৈ আৰু ডিক্ৰং মহকুমা। তদুপৰি এঘাৰটা উন্নয়ন খণ্ড গঠনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। ইপিনে ২০১১ চনৰ লোকপিয়লমতে প্ৰস্তাৱিত এলেকাত মুঠ প্ৰায় দহ লাখ জনসংখ্যা আছে।

ব্ৰহ্মপুত্ৰ জিলাৰ মুঠ জনসংখ্যা ৪,৮১,৮১৫ গৰাকী। ব্ৰহ্মপুত্ৰ জিলাত সামৰা এলেকা ক্ৰমে মুৰ্কংচেলেক খণ্ড (এম এ চি সমষ্টি -১ লালী, ২ মুৰ্কংচেলেক, ৩ গালী-বিজয়পুৰ, ৪ দেবিং-ডেটক, ৩৬ শদিয়া) মুঠ জনসংখ্যা ১,৩৮,২৫৮ জন। চিমেন খণ্ড (এম এ চি সমষ্টি ৫ অৱাং জোনাই, ৬ চাঞ্জাৰী নগৰ, ৭ চিমেন চমকং, ৮ চিলাসুঁতি, ৯ মুক্তিয়াৰ) মুঠ জনসংখ্যা ১,৩১,১৫৯ জন।

চিচিটঙানী খণ্ড ( এম এ চি সমষ্টি ১০ আকাজান, ১১ উজানি চিচি, ১২ নমনি চিচি, ১৩ চিচিমুখ) মুঠ জনসংখ্যা ১,১৭,৩৮৩ জন। খেৰকটা খণ্ড ( এম এ চি সমষ্টি ২১ পূব ঢখুৱাখনা মাতমৰা, ২২ কেৰকটা ডাংডৰা) মুঠ জনসংখ্যা ৫১,৫৬৫ জন। দিচাং খণ্ড (এম এ চি সমষ্টি ৩৪ দিচাং দিখৌ, ৩৫ দিহিং চেচা, ৩৩ যোৰহাটৰ অংশ) মুঠ জনসংখ্যা ৪৩,৪৫০ জন।

গোগামুখ জিলাত আছে মুঠ জনসংখ্যা ২,৯৬,০৮৬ জন। গোগামুখ জিলাত গোগামুখ খণ্ড ( এম এ চি সমষ্টি ১৪ জীয়াধল, ১৫ গোগামুখ, ১৬ নলবাৰী, ১৭ মিগমাং) মুঠ জনসংখ্যা ৮১,৯৩৬। অৱনৰি খণ্ড ( এম এ চি সমষ্টি ১৮ ভীমপৰা-বগীনদী, ২০ অৱনৰি) মুঠ জনসংখ্যা ৬৩,৮৫৫ জন।

সোৱণশিৰি খণ্ড ( এম এ চি সমষ্টি ১৯ ঘূনাসুঁতি-পূব তেলাহি, ২৩ লুহিত পাশ্চিম, ২৪ ৰঙানদী, ১৮ ভীমপৰা বগীনদীৰ অংশ) মুঠ জনসংখ্যা ৭৯,১৩২ জন। জেংৰাই খণ্ড ( এম এ চি সমষ্টি ৩০ চাংগা মাজুলী, ৩১ ফুলনি জকাইবুৱা) মুঠ জনসংখ্যা ৭১,১৬৩ জন।

ইপিনে প্ৰস্তাৱিত ডিক্ৰং মহকুমা (মুখ্য কাৰ্যালয়: জামুগুৰি) বৰ্তমান লখিমপুৰ জিলাৰ নাৰায়ণপুৰ চক্ৰত মুঠ জনসংখ্যা ১,২৯,৫১২ জন। ডিক্ৰং মহকুমাই ৩২ ৰডাং ৰিকং (মাজুলী), ২৫ ডিক্ৰং, ২৭ লোহিতমুখ, ২৬ জীয়াভৰলী এম এ চি এলেকা সামৰি লৈছে।

বৰনৈ মহকুমা বৰ্তমান যোৰহাট জিলাৰ উত্তৰ-পশ্চিম যোৰহাট ৰাজহ চক্ৰ মুঠ জনসংখ্যা ৯২,৩৪২ জন।বৰনৈ মহকুমাই ৩৩ যোৰহাট, ২৯ গেলাবিল আৰু ২৮ ধনশিৰি দেশাই এম এ সমষ্টি সামৰি লৈছে।

এই প্ৰস্তাৱিত দুখন জিলা, দুখন মহকুমা আৰু ১১ টা উন্নয়ন খণ্ডৰ পৰিসীমাক সামৰি আত্মসন্মান থকা জাতি হিচাপে জীয়াই থাকিব পৰাকৈ ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসন দাবী উত্থাপন কৰা হৈছে। বিশেষ সূত্ৰে পোৱা খবৰ মতে চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে।

শীঘ্ৰে কেবিনেট উপ-সমিতিয়ে ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব আৰু ৰাজ্য চৰকাৰৰ কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। দুখন জিলা, দুখন মহকুমা আৰু এঘাৰটা উন্নয়ন খণ্ডৰ ভৌগোলিক পৰিসীমাকলৈ ষষ্ঠ অনুসূচীৰ মিচিং স্বায়ত্তশাসিত পৰিষদ পুনৰ গঠনৰ মডেলিটি পৰ্যালোচনা কৰাৰ নিশ্চয় অৱকাশ থাকিব।

কিন্তু উল্লেখিত পৰিসীমাকলৈ মিচিং স্বায়ত্তশাসিত পৰিষদক পুনৰ গঠন কৰি ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদান কৰিলে মিচিং পৰিষদে সাংবিধানিক স্বীকৃতি লাভ কৰাৰ লগতে সামগ্ৰিক উন্নয়নৰ গতি তৰান্বিত হ'ব। মিচিং পৰিষদে নতুন মৰ্যাদা, ক্ষমতা আৰু পৰিচয় লাভ কৰিব। মিচিং পৰিষদীয় এলেকাত বিভিন্ন জাতি-জনগোষ্ঠী,সম্প্ৰদায়ৰ মাজত উন্নয়ন, ঐক, শান্তি-সম্প্ৰতি আৰু সমন্বয়ৰ সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে।

ষষ্ঠ অনুসূচীৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মডেলিটিঃ ব্ৰহ্মপুত্ৰ, গোগামুখ দুখন নতুন জিলাৰ প্ৰস্তাৱ...
যোৰহাটৰ ৰাজা দাসৰ শিৰত মিষ্টাৰ অসমৰ খিতাপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in