
ডিজিটেল সংবাদ,জোনাই : গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ ক্ৰীড়া ক্ষেত্ৰৰ সুপ্ত প্ৰতিভাক বিকাশ আৰু সুস্থ ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্য মিচিংসকলৰ জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কেবাঙৰ উদ্যোগত মিচিং অলিম্পিক- ২০২৩ অনুষ্ঠিত কৰা হৈছে। বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি জিলাৰ জোনাই মহকুমাৰ প'ল গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা মিচিং অলিম্পিক- ২০২৩ ৰ আজিৰে পৰা শুভাৰম্ভ হৈছে।
মিচিং অলিম্পিক- ২০২৩ ৰ আজি প্ৰথম দিনা পুৱাৰ ভাগতে সমূহীয়া চাফাই অভিযানৰ পিছত যোগা কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীত অতিথি হিচাপে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়াই উপস্থিত থাকে।
ইয়াৰ পিছত ক্ৰীড়াবিদ জোনালী পাতিৰ দলেৰ দ্বাৰা মিচিং অলিম্পিক- ২০২৩ ৰ শিখা প্ৰজ্বলন কৰা হয়। উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ মন্ত্ৰী বিমল বৰা, এথলেটিক হিমা দাস, সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগু আদিয়ে উপস্থিত থাকে।
টি এম পি কেৰ সাধাৰণ সম্পাদক চান দঞি পাংগিঙে আঁত ধৰা সভাত শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে ভাষণত টি এম পি কেয়ে মিচিং অলিম্পিক- ২০২৩ আয়োজন কৰি অসমবাসীৰ আগত নিদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি ক্ৰীড়া শিক্ষাৰ গুৰুত্বপূৰ্ণ অংশ বুলি মন্তব্য কৰে। ক্ৰীড়াত কেৱল জয়-পৰাজয়েই গুৰুত্ব নহয়, শাৰীৰিক সক্ষমতা বজাই ৰখাৰ বাবেও ক্ৰীড়াৰ গুৰুত্ব আছে বুলি মন্তব্য কৰি মিচিং অলিম্পিক প্ৰতি বছৰে আয়োজন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।
তদুপৰি মন্ত্ৰী পেগুৱে জোনাই প'ল গ্ৰাউণ্ডত এক সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে। মন্ত্ৰী বিমল বৰাই মিচিং অলিম্পিক ভৱিষ্যতে অসমৰ ক্ৰীড়া জগতত সুকীয়া স্থান দখল কৰিব বুলি আশা প্ৰকাশ কৰি ভূপেন হাজৰিকাৰ 'এই পৃথিৱী ক্ৰীড়াংগণ, শান্তিৰ প্ৰাংগন' গীতটো আওৰাই ক্ৰীড়াৰ জৰিয়তে পৃথিৱীৰ জয় কৰিব পাৰে বুলি উল্লেখ কৰি ক্ৰীড়াই দেশৰ মাজত একতা সুদৃঢ় কৰে বুলি মন্তব্য কৰে।
তদুপৰি ৰাষ্ট্ৰীয় খেলত পদক লাভ কৰা খেলুৱৈকো অসম চৰকাৰে চৰকাৰী চাকৰি দি সংস্থাৰ সুবিধা দিয়া বুলি উল্লেখ কৰি মিচিং সংস্কৃতি, স্বকীয় বস্ত্ৰ আৰু খাদ্য সম্ভাৰক মন্ত্ৰী বিমল বৰাই উচ্চ প্ৰসংশা কৰি মিচিং অলিম্পিক- ২০২৩ এ অসমৰ খেলুৱৈ সমাজক উদ্বুদ্ধ কৰিব বুলি মন্তব্য কৰে। খেলে মানুহৰ মন আৰু শৰীৰক শক্তিশালী কৰি ৰাখে বুলি উল্লেখ কৰি 'খেলিম আৰু জিকিম' শ্ল'গান দি খেলুৱৈসকলক উদ্বুদ্ধ কৰে।
উদ্বোধনী অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ হিমা দাসে অংশগ্ৰহণ কৰি মিচিং অলিম্পিক আয়োজন কৰাৰ বাবে টি এম পি কেক প্ৰশংসা কৰি এই মঞ্চৰ পৰাও ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰে। হিমা দাসে খেলৰ জৰিয়তেও মৰ্যাদা আৰু সংস্থাপন লাভ কৰিব পাৰে বুলি মন্তব্য কৰে।
ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভঁৰালীয়ে ক্ৰীড়াই মানুহৰ মন আৰু শৰীৰ- দুয়োটাই উৎষৰ্ক সাধনা কৰি পাৰে বুলি মন্তব্য কৰে। অনুষ্ঠানত মিচিং আগম কেবাঙৰ সভাপতি হৰিণাৰায়ণ পেগু, টি এম পি কেৰ সভাপতি তিলক ফুকন, এম এ চিৰ কাৰ্যবাহী সদস্য জহান দলে, প্ৰশান্ত বৰি, মলেন্দ্ৰ নাৰ্জাৰী, পুৰুষোত্তম দলে, টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু, জোনাই জিলা সন্মিলত গণশক্তিৰ সভাপতি মূলাকান্ত পেগু, যুৱ নেতা প্ৰণৱ টায়েৰ লগতে টি এম পি কেৰ বহু নেতা-কৰ্মী, বিভিন্ন জনগোষ্ঠীয় নেতা আদিয়ে উপস্থিত থাকে।
ইয়াৰ পিছত মিচিং অলিম্পিকৰ- ২০২৩ ৰ বিভিন্ন ইভেণ্টৰ প্ৰতিযোগিতাসমূহ আৰম্ভ কৰা হয়। উল্লেখযোগ্য যে ১০০ মিটাৰ, ২০০ মিটাৰ দৌৰ,হাফ মাৰাথন ,জেভেলিন থ্ৰ', ডিস্কাছ থ্ৰ', শ্বট পুট থ্ৰ', লং জাম্প, হাই জাম্প সাঁতোৰ (৫০ মিটাৰ ফ্ৰীষ্টাইল, বাটাৰফ্লাই - ১০০ মিটাৰ),আৰ্চাৰী আৰু ডগডিগ আদি ইভেণ্ট লৈ আয়োজন কৰা মিচিং অলিম্পিক-২০২৩ ত টি এম পি কেৰ ১৪ টা জিলা সমিতিৰ অন্তৰ্গত ১,১৩৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। মিচিং অলিম্পিক উদ্বোধনী অনুষ্ঠানত মিচিং, বড়ো, হাজং, গোৰ্খা আদি বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয়।