শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজি খহনীয়া অঞ্চল পৰিদৰ্শন...

শনিবাৰে পৰিদৰ্শন কৰিব লখিমপুৰৰ বান পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজি খহনীয়া অঞ্চল পৰিদৰ্শন...

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজি খহনীয়া অঞ্চল পৰিদৰ্শন...

ডিজিটেল সংবাদ ধেমাজিঃ ৰাজ্যৰ বানপানী সমস্যাক লৈ জিলাই, জিলাই পৰিদৰ্শন কৰি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক দায়িত্ব দিয়াৰ পিছতেই শুকুৰবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি সমষ্টিৰ অন্তৰ্গত অসম- অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ মিংমাং পঞ্চায়তৰ নাহৰ নলা, কৈলাশপুৰ, ৰূপহী জান, পাৰ্বতীপুৰৰ পাহাৰীয়া অঞ্চলৰ কেইবাটাও খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰে।

Advertisment

এই বৰ্তালাপৰ সময়ত মন্ত্ৰীগৰাকীয়ে চলিত বছৰতেই এই খহনীয়া ৰোধৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ এক নীতি প্ৰস্তুত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৷ ইফালে এই সম্পৰ্কে শুকুৰবাৰে বিয়লি ১ বজাত ধেমাজি জিলা আয়ুক্তৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনাৰ বৈঠকত অংশগ্ৰহণ কৰে ৷

ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শনৰ পিছতেই শনিবাৰে লখিমপুৰ জিলাৰ বান পৰিস্থিতি অধ্যয়ন কৰিব মন্ত্ৰী পেগুৱে। ইয়াৰ পিছতেই দুয়োখন জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

Also Read: নগাঁও জিলাত জটিল হৈ পৰিছে বান পৰিস্থিতিঃ ১৯৭ খন গাঁও জলমগ্ন...

গৰাখহনীয়া বানপানী