বান খহনীয়া যাতায়ত উন্নয়নৰ দাবীত চিমেন লামাজানত বিশাল ৰাজহুৱা সভাঃ উপস্থিত বিধায়ক

বান খহনীয়া যাতায়ত উন্নয়নৰ দাবীত চিমেন লামাজানত বিশাল ৰাজহুৱা সভাঃ উপস্থিত বিধায়ক

author-image
Asomiya Pratidin
New Update
বান খহনীয়া যাতায়ত উন্নয়নৰ দাবীত চিমেন লামাজানত বিশাল ৰাজহুৱা সভাঃ উপস্থিত বিধায়ক

ডিজিটেল সংবাদ,ধেমাজিঃ বান খহনীয়া,যাতায়ত উন্নয়নৰ দাবীত সোমবাৰে চিমেন লামাজানত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়।জোনাই সমষ্টিৰ লামাজান, চেঙাজান, চমকং,অপচৰা অঞ্চলৰ বান-গৰাখহনীয়া,দলং,স্বাস্থ্য,বাট পথৰ সমস্যাকলৈ লামাজান আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত বিভিন্ন দল সংগঠন আৰু অঞ্চলবাসী মিলিত হয়।

Advertisment

স্বৰাজোত্তৰৰ ৭৫ বছৰে অঞ্চলটোৰ ৰাইজে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ নোপোৱাত প্ৰতিবছৰে শ শ ঘৰ, কৃষিভূমি ব্ৰহ্মপুত্ৰ নদীত বিলিন হৈ গৈছে।লালি নদী, অপচৰা,চিমেন নদীৰ ওপৰত পকী দলং নিৰ্মাণ নোহোৱাত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে নৈপৰীয়া গঞা।

সেয়ে ৰাজহুৱা সভাখনত উপস্থিত থকা বিধায়ক ভূৱন পেগুৱে ব্ৰহ্মপুত্ৰ নদীৰ জোনাইৰ বেৰাচাপৰি পৰা চেঙাজানলৈ এখন দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।জলসম্পদ বিভাগৰ অধীনত প্ৰথম পৰ্যায়ৰ ৪৪ কিলোমিটাৰৰ ভিতৰত ৫০ কোটি টকা ব্যয় কৰি মুঠ ২৫ কিলোমিটাৰ দৈৰ্ঘ্য নিৰ্মাণ কৰা হ’ব বুলি ৰাইজৰ আগত মন্তব্য কৰে বিধায়কে ৷

Also Read: বঢ়মপুৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে নতুন প্ৰযুক্তি শুভাৰম্ভ জিলা আয়ুক্তৰ

dhemaji