বঢ়মপুৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে নতুন প্ৰযুক্তি শুভাৰম্ভ জিলা আয়ুক্তৰ

বঢ়মপুৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে নতুন প্ৰযুক্তি শুভাৰম্ভ জিলা আয়ুক্তৰ

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে নতুন প্ৰযুক্তি শুভাৰম্ভ জিলা আয়ুক্তৰ

ডিজিটেল সংবাদ,নগাঁওঃ ৰাজ্যখনৰ আৰ্থসামাজিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত বৃহৎ চাহ উদ্যোগৰ সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক সকলেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু উন্নত কাৰিকৰীৰ অভাৱত লাহে-লাহে যেন স্তিমিত হৈ পৰিছে ক্ষুদ্ৰ চাহ উদ্যোগটো।

Advertisment

জলবায়ুৰ লগতে সঘনাই কেঁচাপাতৰ দৰৰ তাৰতম্য সলনি হৈ থকাৰ বাবে লভালাভ কমি অহাৰ ফলত বিপাঙত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। এনে সময়তে খেতিয়ক সকলৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে IFFCO KISHAN আৰু NABARDৰ দ্বাৰা পৰিচালিত এটা নতুন প্ৰযুক্তিয়ে।

এই নতুন প্ৰযুক্তিৰে আগন্তুক দুটা বছৰৰ বাবে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাপানালা অঞ্চলৰ "সেউজ জ্যোতি টি ফেডাৰেচন"ৰ প্ৰায় ৬৪ জন ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত ৫ জনকৈ কৃষকৰ চাহখেতি পৰীক্ষামূলকভাৱে কৰিব।

AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা নতুন প্ৰযুক্তিৰ জৰিয়তে খেতিয়ক সকলে জলবায়ুৰ আগজাননী, কৃৎ-পতঙ্গৰ অৱস্থিতি, প্ৰয়োজনীয় সমলসমূহৰ বিষয়ে আগতীয়াকৈ জানিবলৈ সক্ষম হ'ব।

নিজৰ খেতিডৰা সন্দৰ্ভত সকলোবোৰ তথ্য খেতিয়ক গৰাকীয়ে নিজৰ মোবাইলতে নতুন প্ৰযুক্তিটোৰ জৰিয়তে আগতীয়াকৈ জনিব পাৰিব। নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চাপানালাত এই সমগ্ৰ পৰিকল্পনাটোৰ শুভাৰম্ভণী সভাত নগাঁও জিলাৰ আয়ুক্ত গৰাকী উপস্থিত থাকি প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক উৎসাহিত কৰে।

Also Read: সুনীল গগৈ কাণ্ডঃ SIT ৰ দলে জেৰা চলাব গগৈৰ পত্নী-পুত্ৰক...

SAMAGURI TEA GARDEN SAMAGURI