/asomiyapratidin/media/media_files/2025/02/01/GAPN4i939OLDLQgscUGW.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি সদৰ আঞ্চলিক সমিতি, ধেমাজি সদৰ মহিলা সমিতিৰ যৌথ উদ্যোগত যোগাসন ক্ৰীড়া সন্থাৰ ৰাজ্যিক আৰু জিলা সমিতিৰ সহযোগত শুকুৰবাৰৰ পৰা তিনি দিনীয়াকৈ ধেমাজি ক'ৰ্ট ফিল্ডত কেন্দ্ৰীয় মে-ডাম মে-ফী আৰু সদৌ অসম
ভিত্তিত যোগাসন প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ শুকুৰবাৰে পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত মে-ডাম মে-ফীৰ কাৰ্য্যসূচীৰ অন্তত সন্ধিয়া ৬ বজাত অসম বাৰ্তাজীৱী সংঘৰ কাৰ্য নিৰ্বাহক সদস্য তথা ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই বন্তি প্ৰজ্বলনেৰে যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে৷
সন্ধিয়া ৭ বজাত প্ৰতিযোগিতাৰ কাৰ্যসূচীৰ পূৰ্বে অসমৰ বিভিন্ন জিলা পৰা অহা যোগাসন ক্ৰীড়া
সন্থাৰ আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়,ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিচাৰকসকল ক্ৰমে মুনিন্দ্ৰ নেওগ, পাৰ্থ প্ৰতিম গগৈ, মনোজ কেওঁট, প্ৰনিতা বৰা নাথ, নুপুৰ শইকীয়া,মালবিকা গগৈ শৰ্মা, প্ৰণৱ চাংমাই, জিন্টু বুঢ়াগোহাঁই, মিতালী চক্ৰৱৰ্তী, চয়নিকা গগৈ, পৰিস্মিতা বৰদলৈ, পংকজ হাতীমূৰীয়া, স্বপ্নালী বেজবৰুৱা, লিলি ভৌমিক ঘোষ, ৰূপক ৰয়, সংগীতা গগৈ, মিনটি বুঢ়াগোঁহাই, সুৰজিৎ শইকীয়া, গৌতম বৈশ্য, নয়নমনি গায়ন বৰা, পংকজ প্ৰতিম বৰা, লাকী লালুং বৰা,সুৰভি দত্ত বৰুৱা ,অনন্ত বৰা, সম্ৰাট মজুমদাৰ, দিছা হাজৰিকা, যোগেন বৰগোহাঁই, হিমজ্যোতি ডেকা, পূৰ্ণিমা বৰুৱা, মধুস্মিতা বৰা, আনন্দ শ্বিল, চন্দনা এম দাস, ৰিনা সন্দিকৈ, দুলন দাস, ৰিম্পী মাউট গগৈ আৰু লুনা কে শইকীয়া।
এই বিচাৰকসকলক অনুষ্ঠানত সম্বৰ্ধনাও জনোৱা হয়। প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন জিলাৰ উপৰিও ৰাষ্ট্ৰীয় যোগাসনা ক্ৰীড়া ফেডাৰেচন, যোগাসন ক্ৰীড়া সন্থা অসমৰ প্ৰায় চাৰি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত যোগাসন ক্ৰীয়া সন্থাৰ ৰাজ্যিক সভাপতি ড° হীৰেন চৰকাৰ, সাধাৰণ সম্পাদক নলিন নাথ, কোষাধ্যক্ষ ধীৰেন শৰ্মা,জিলা সভাপতি নীলোৎপল বুঢ়াগোঁহাই, সাধাৰণ সম্পাদক নুপুৰ শইকীয়া, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি মনোজ গগৈ, জিলা সমিতিৰ সম্পাদক পংকজ বৰগোহাঁইকে ধৰি জিলা আৰু আঞ্চলিক সমিতিৰ আটাছুৰ মহিলা সদৰ সমিতিৰ বিষয়বীয়া সকল উপস্থিত থাকে ৷