/asomiyapratidin/media/media_files/2025/01/31/YAccyIvJgGsYxTGtgSD3.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি সদৰ আঞ্চলিক সমিতি, ধেমাজি সদৰ মহিলা সমিতিৰ যৌথ উদ্যোগত যোগাসন ক্ৰীয়া সন্থাৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত কেন্দ্ৰীয় মে-ডাম-মে-ফী আৰম্ভ হৈছে ৷ পুৱা ৮ বজাত সামূহিক চাফাইৰে কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পিছতেই পুৱা ৯ বজাত পুৰোহিতসকলৰ দ্বাৰা মে-ডাম মে-ফিৰ মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয় ৷
পুৱা ১০ বজাত ধেমাজি কেন্দ্ৰীয় মে-ডাম মে-ফিৰ পতাকা উত্তোলন কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগাঠনিক সম্পাদক দ্বীপেন ফুকনে, আটাছুৰ পতাকা উত্তোলন কৰে আটাছুৰ সদৰ আঞ্চলিক সমিতিৰ সভাপতি চিত্তৰঞ্জন বৰুৱাই। যোগাসন ক্ৰীয়া সন্থাৰ পতাকা উত্তোলন কৰে যোগাসন ক্ৰীয়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° হীৰেন চৰকাৰে৷
পুৱা ১০.৩০ বজাত মৈডাম তৰ্পণ কৰে ধেমাজি জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁইয়ে ৷ পুৱা ১১ বজাত চ্যুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে সদৌ অসম যোগাসন ক্ৰীয়া সন্থাৰ সাধাৰণ সম্পাদক নলিন নাথ আৰু ধেমাজি অনুসূচিত জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ মহন্ত নৰহে৷