/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/667039bd-e9da-461f-8d10-c0b1e74795e0/dhemaji 5.jpg)
ধেমাজিত লোক কল্যাণ দিৱস উদযাপন...
ডিজিটেল সংবাদ ধেমাজিঃ লোক প্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে সোমবাৰে ধেমাজি জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত বিয়লি ৩ বজাত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত লোক কল্যাণ দিৱস পালন কৰা হয় ৷ এই উপলক্ষে আৰম্ভণিতে জাতীয় সংগীত পৰিবেশনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰাৰ পিছতেই জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি সমাপন কৰে ৷
অনুষ্ঠানত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতুপন নেওগে আদৰণি ভাষণ দিয়ে৷ বিশিষ্ট কন্ঠ শিল্পী জ্যোতি দিহিঙীয়াৰ নেতৃত্বত ১২ জনীয়া এটি শিশু দলে বৰগীত পৰিবেশনৰ পিছতেই মূল সভা অনুষ্ঠিত হয় ৷ সভাত ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি জিলা আয়ক্ত অংকুৰ ভৰালীয়ে বক্তব্য ৰাখে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/d2f166ff-b815-46ff-893e-564cb384cdcb/9c76bc08-3722-4049-9274-0184232dcf65.jpg)
বক্তব্যত জিলা আয়ুক্ত ভৰালীয়ে জিলাখনৰ কৰ্মচাৰীসকলক ৰাইজৰ সেৱক হিচাপে কেনেকৈ নিজকে মানসিকভাৱে প্ৰস্তুত কৰি আগুৱাই যাব পাৰি সেই কথা সদায় মনত ৰাখি কাম কৰি যাবলৈ অনুৰোধ জনায় ৷ বক্তব্যত তেওঁ জিলাখনত আন বহু ভাল নিষ্ঠাবান কৰ্মচাৰী আছে বুলি কৈ অনাগত সময়ত লোক সেৱা বঁটাৰ বাবে তেওঁলোকক আবেদন জনাবলৈ অনুৰোধ জনায় ৷
লগতে লোক কল্যাণ দিৱসৰ লগত সংগতি ৰাখি দুজন কৰ্মচাৰীক লোক সেৱা বঁটাৰ বাবে নিৰ্বাচিত কৰা দুয়োগৰাকীলৈকে জিলা আয়ুক্তই শুভেচ্ছা জনায় ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কৰ্ম,জীৱন,আদৰ্শ সম্পৰ্কে বক্তব্য প্ৰদান কৰে বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোৎস্না বৰগোহাঁইয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/d56afb26-beba-4fd4-b102-3364864a30de/5b3b9456-5a3c-40ae-afd2-58fbc1b2bbe2.jpg)
সভাত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়,ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ, জিলা অতিৰিক্ত আয়ুক্ত ক্ৰমে যাদৱ পেগু, ড° সঞ্জীৱ ফুকন আৰু ৰশ্মি প্ৰতাপকে ধৰি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে উপস্থিত থাকে ৷ সভাত লোক কল্যাণ দিৱসৰ লগত ৰাখি এইবাৰ ২০২৪ বৰ্ষৰ বাবে ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী পল্লবী তামুলী আৰু ধেমাজি জল সম্পদ বিভাগৰ কৰ্মচাৰী কৰুণা গগৈক লোক সেৱা বঁটা প্ৰদান কৰা হয় ৷
উল্লেখ্য যে ২০২২ চনতো জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী পল্লবী তামুলীয়ে এই বঁটা লাভ কৰিছিল ৷ সভাত দুই বঁটা প্ৰাপকক জিলা প্ৰশাসনৰ ফালৰ পৰা মানপত্ৰ আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/d2a040f5-7ebb-4f23-a307-fa6ce0690554/ce0fee4b-9396-4b21-b94f-429bfd462a97.jpg)
Also Read: চিৰাঙত UPPL ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ উপস্থিত নাথাকিল BJP ৰ এজনো নেতা...