কুঁহি চুতীয়াৰ হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবীত এছ পি, ডিচিক অভিযোগ পত্ৰ দাখিল

চিচিবৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গড়মৰা গাঁৱত ৰহস্যজনকভাৱে মৃত্যু হোৱা চিচিবৰগাঁও বিজ্ঞান মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী কুঁহি চুতীয়াৰ মৃত্যুকলৈ আজিও প্ৰতিক্ৰিয়া অবাহত

author-image
Tushar Pratim
New Update
ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী…

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গড়মৰা গাঁৱত যোৱা ১৫ এপ্ৰিলত সন্ধিয়া ৰহস্যজনকভাৱে মৃত্যু হোৱা পুলিন চুতীয়াৰ কন্যা তথা চিচিবৰগাঁও বিজ্ঞান মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী কুঁহি চুতীয়াৰ মৃত্যুকলৈ অঞ্চলটোত আজিও প্ৰতিক্ৰিয়া অবাহত আছে৷ কুঁহি চুতীয়াৰ মৃত্যু আত্মহত্যা নহয় বৰঞ্চ ই এক পৰিকল্পিত হত্যাহে বুলি অভিযোগ কৰি বৃহস্পতিবাৰে বিয়লি কুঁহি চুতীয়াৰ মোমায়েক বিদ্যুৎ ভুঞাঁৰ সৈতে গাঁওখনৰ প্ৰায় ত্ৰিশ গৰাকীতকৈ অধিক পুৰুষ-মহিলাই ধেমাজি আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তক সুকীয়া-সুকীয়াকৈ অভিযোগ দাখিল কৰিছিল। 

Advertisment

তেওঁলোকৰ দাবী কুঁহি চুতীয়াৰ হত্যাৰে জড়িত বুলি অভিযোগ কৰি হৰেন চুতীয়া, মনালিছা চুতীয়া আৰু পাতলি চুতীয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়৷ উল্লেখ্য যে, অভিযোগ পত্ৰত মুঠ চাৰি গৰাকীৰ নাম হত্যাকাৰী হিচাপে উল্লেখ কৰা হৈছিল যদিও ইয়াৰে কুঁহি চুতীয়াৰ পিতৃ পুলিন চুতীয়াই চিচিবৰগাঁও আৰক্ষীৰ ওচৰত ইতিমধ্যে আত্মসমৰ্পণ কৰিছে৷ 

১৭ বছৰীয়া ছাত্ৰী কুঁহিক নিৰ্মমভাবে অত্যাচাৰ চলাই পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দি চোতালত পেলাই থৈছিল৷মন কৰিবলগীয়া যে, কুঁহিয়ে চিপ লৈ আত্মহত্যা কৰা বুলি কোৱা হৈছিল যদিও তেওঁৰ মৃতদেহ আৰক্ষী অহাৰ পূৰ্বেই চোতালতহে পেলাই থোৱা আছিল। 

এই ঘটনাৰ দিনাই পুলিন চুতীয়াৰ গৃহত আৰক্ষী উপস্থিত হোৱা পূৰ্বেই হৰেন চুতীয়াই কুঁহিক আত্মহত্যা কৰা স্থানৰ পৰা আনি চোতালত ৰখা হৈছিল বুলি মন্তব্য দিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে ঘটনাৰ কিছু সময়ৰ পিছতেই পিতৃ পুলিন চুতীয়াই আৰক্ষী চকীত আত্মসমৰ্পণ কৰে৷ 

আনফালেদি আৰক্ষীয়ে মৃতদেহ আৰক্ষী থানাত ৰখা অৱস্থাত হিমা চুতীয়াই মৃতদেহ মৰোণোত্তৰ পৰীক্ষা কৰিব নালাগে বুলিও কৈছিল। মোমায়েকে উল্লেখ কৰা মতে তেওঁৰ ভাগিনী মৃত কুঁহি চুতীয়াই জীৱিত অৱস্থাতে তেওঁৰ ওপৰত হোৱা নানান অত্যাচাৰৰ কথা প্ৰাণৰ মমতাৰ বাবেই আমাৰ পৰিয়ালৰ কোনো ব্যক্তিৰ আগত প্ৰকাশ কৰিবলৈ বিচৰা নাছিল৷ 

ইফালে মৃত ভাগিনীয়েকৰ শৰীৰৰ বিভিন্ন অংশত গুৰুত্বৰ আঘাতৰ দাগ স্পষ্টভাৱে পোৱা গৈছে বুলি দাবী কৰিছে। ইয়াৰো উপৰিও চিচিবৰগাঁও আৰক্ষীক উক্ত ঘটনাৰ সম্পৰ্কে বাৰম্বাৰ অৱগত কৰাৰ পিছতো আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে তদন্ত নকৰাৰ অভিযোগ কৰিছে৷ তেওঁলোকে কয়,  অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰেই ব্যৱস্থা গ্ৰহন নকৰে তেন্তে ৰাইজে অপৰাধীক গ্ৰেপ্তাৰ কৰা দাবীত আৰক্ষী থানা ঘেৰাও কৰিবলৈ বাধ্য হ'ব৷

 

অপৰাধ চিচিবৰগাওঁ