/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07-31/qhr6ol2s/DHEMAJI 31.jpg)
ডিজিটেল সংবাদ ধেমাজি: ধেমাজি জিলাৰ জোনাই মহকুমাত যোৱা ২৭ জুলাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ- সভাপতি চেইফ পাৱক দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নি মাৰধৰ কৰাৰ লগতে বস্তাত ভৰাই নিৰ্জন ঠাইত উপৰ্যুপৰি আক্ৰমণ কৰি মৃতপ্ৰায় অৱস্থাত পেলাই থৈ যোৱাৰ দৰে জঘণ্য ঘটনাৰ পিছতো জোনাই আৰক্ষীয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত এজাহাৰ ৰুজু নোহাৱত আৰু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি আৰু ধেমাজি জিলা সমিতিৰ কৰ্মীসকল ক্ষোভিত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07-31/stsuhe43/fe44515f-137e-4f75-b563-ad3a2bb7830c.jpg)
ঘটনাৰ চাৰিদিনৰ দিনৰ পিছতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ- সভাপতি চেইফ পাৱৰ আক্ৰমণকাৰীক ব্যৱস্থা গ্ৰহণ নকৰাৰ ঘটনাই সমগ্ৰ জিলাখনতেই এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত কাছাৰী ময়দানৰ সন্মুখত পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজাৰলৈকে তিনি ঘন্টাতকৈ অধিক সময় ধৰি প্ৰায় দুই শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে হাতে-হাতে বেনাৰ, পোষ্টাৰ আৰু প্লে'কাৰ্ড লৈ দুষ্কৃতিকাৰীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক, ধেমাজি জিলা আৰক্ষী প্ৰশাসন হায়-হায়, চেইফ পাৱক ন্যায় প্ৰদান কৰক, এজাহাৰত নাম থকা সকলো দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰক, চেইফ পাৱক আক্ৰমণ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰক,মিচিং স্বায়ত্ত্বশাসিত পৰিষদত চলি থকা অবাধ দুৰ্নীতিৰ চি বি আই তদন্ত কৰক আদি শ্লো'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদস্থলীতে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07-31/lj2ywlwe/b40e3373-a192-482b-9151-2a5a7424901a.jpg)
সভাত উপস্থিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই অসম আৰক্ষীৰ কাণ্ডকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আজিৰ পৰা চাৰি দিনৰ আগে জোনাইত এটা এশ জনীয়া দুৰ্বৃত্তৰ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি চেইফ পাৱক ঘৰৰ পৰাই অপহৰণ কৰি লৈ বস্তাত ভৰাই অতি জঘন্যভাৱে মাৰধৰ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যোৱাৰ পিছতো আৰক্ষীয়ে দুৰ্বৃত্তৰ দলক আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে।
ইফাল ঘটনাৰ পিছতেই চেইফ পাৱৰ পৰিয়ালে উপৰিও কৃষক মুক্তি সংগ্ৰাম সমিতিও আক্ৰমণকাৰী বিৰুদ্ধে গোচৰ দিয়া পিছতো দুৰ্বৃত্তৰ দলৰ ওপৰত কিয় গোচৰ ৰুজুৰ কৰিবলৈ সাহস নকৰা কাৰ্য্যই জোনাই আৰক্ষীৰ ভূমিকালৈ ৰহস্যৰ সৃষ্টি কৰা বুলি নেতা গৰাকীয়ে অভিযোগ কৰিছে ৷ আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতিগৰাকীয়ে ইতিমধ্যে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২ নং জোনাই পৰিষদীয় সমষ্টিৰ কামকাজ সম্পৰ্কে গোগামুখস্থিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যালয়ত তথ্য বিচাৰি আৰ. টি.আই আবেদন দাখিলৰ পিছতেই নিজকে মিচিং জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন টি এম পি কেৰ সদস্য বুলি পৰিচয় দি উন্মত্ত দলটোৱে চেইফ পাৱক আৰ টি আই আবেদন উঠাই নল'লে হত্যাৰ ভাবুকিৰ সম্পৰ্কে আৰক্ষীয়ে সম্পূৰ্ণৰূপে অৱগত বুলিও কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07-31/m430pt0a/88625b33-a37f-49e1-a0bf-8b76f6a4e321.jpg)
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ অধিকাৰ নাই বুলিও দাবী কৰি কেন্দ্ৰীয় নেতাগৰাকীয়ে কয় যে, সাধাৰণ কাৰনতেই মানুহক কাৰাগাৰলৈ নিক্ষেপ কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোনাইত এম এ চিৰ দুৰ্নীতিকলৈ আৰ টি আই আবেদন কৰা চেইফ পাৱক আক্ৰমণ কৰা দুৰ্বৃত্তৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সাহস আছে নে বুলি প্ৰশ্ন কৰে৷
কেন্দ্ৰীয় নেতাগৰাকীয়ে মন্ত্ৰী ৰনোজ পেগু আৰু জোনাই সমষ্টৰ বিধায়ক ভূৱন পেগুকো এম এ চিৰ কেলেংকাৰীলৈ কেচু খান্দিলে সাপ ওলাব বুলিও সকয়াই দিয়ে। তেওঁ এম এ চিৰ কেলেংকাৰীলৈ চি বি আই তদন্তৰো দাবী কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07-31/x5auoizx/f41767c0-5402-49a9-9b9c-843e6efdd60e.jpg)
শেষত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সভাপতিদ্বয় ভৱেন শালৈ আৰু যদুমনি গগৈ আৰু সাধাৰণদ্বয় নাৰায়ন বৰা আৰু দূৰ্গা বৰাই স্বাক্ষৰ কৰা ছয় দফীয়া এখনি স্মাৰকপত্ৰ ধেমাজি জিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷
Also Read: নগাঁৱৰ কলং নৈত নিখোঁজ কিশোৰ...