/asomiyapratidin/media/media_files/2025/05/31/PmmHgwcGnxDmYDXiZYhu.jpg)
ডিজিটেল সংবাদ জোনাইঃ জোনাই সমষ্টিৰ বিজেপি বিধায়ক ভূৱন পেগুৰ মাতৃ নিৰ্মলতা পেগুৱে শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা নিৰ্মলতা পেগুৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ।
শুকুৰবাৰে নিশা চিলাপথাৰস্থিত কংকান নগৰৰ নিজা বাসগৃহত নিশা প্ৰায় ১০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আজি পুৱাই বিধায়কগৰাকীৰ ঘৰত গৈ উপস্থিত হয় অজস্ৰ গুণমুগ্ধ।
ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুও পুৱাই গৈ বিধায়কগৰাকীৰ বাসগৃহত উপস্থিত হয় আৰু প্ৰয়াত নিৰ্মলতা পেগুলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ডাঃ পেগুৱে তেওঁৰ ফেচবুক একাউণ্টৰ জৰিয়তে সতীৰ্থ বিধায়কগৰাকীৰ প্ৰয়াত মাতৃলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা উল্লেখ কৰিছে।
তাৰোপৰি মিছিং স্বায়ত্ব শাসিত পৰিষদৰো প্ৰতিনিধি, বিজেপি, সন্মিলিত গণশক্তি, অসম গণ পৰিষদ আদিৰ দৰে ৰাজনৈতিক দলৰ লগতে আন বিভিন্ন অৰাজনৈতিক সংগঠনৰ নেতৃত্বও গৈ মাতৃহাৰা বিধায়কগৰাকীৰ কাষত থিয় হৈছে। এইসকল গুণমুগ্ধৰ উপস্থিতিত নিজা বাসভৱনতে আজি প্ৰয়াত নিৰ্মলতা পেগুৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। বিধায়কগৰাকীৰ মাতৃৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।