Advertisment

ধেমাজিৰ দুটাকৈ স্থানত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন...

অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে।

author-image
Asomiya Pratidin
New Update
ধেমাজিত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন...

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপেই ২৬ নৱেম্বৰ, ২০২৪ মঙ্গলবাৰে ধেমাজি জিলাৰ দুটাকৈ স্থানত নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ দুয়োটা স্থানৰ এই কাৰ্যসূচীত মুঠ ৩৮৪ গৰাকী মাতৃ আৰু সন্তানে অংশগ্ৰহণ কৰে।

Advertisment

ধেমাজিত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন...

এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞসকলে। আজিৰ Johnson's ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয়। আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী।

ধেমাজিত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন...

আজি ধেমাজি জিলাৰ বেহপাৰা নপাম আৰু পূৱ বাকল অংগনবাদী কেন্দ্ৰত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। দুয়োটা স্থানতে উপস্থিত থাকে ব্লক কৰ্ডিনেটৰ দেৱজিত গগৈ। তাৰোপৰি বেহপাৰাৰ সজাগতা কাৰ্যসূচীত ছুপাৰভাইজাৰ হিচাপে উপস্থিত থাকে দীপা শইকীয়া আৰু পূৱ বাকলত উপস্থিত থাকে অৰতি বৰুৱা। 

ধেমাজিত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন...

jhondon baby