/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4dfc9033-7afb-45f4-ad4e-615a2cb936c8/AP_FOR_WEB_dhemaji.jpg)
ডিজিটেল সংবাদ ধেমাজিঃ বিচ্ছিন্ন হোৱাৰ দিশে ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ ৷ যিকোনো মুহূৰ্ততে যাতায়ত বিঘ্নিত হোৱাৰ আশংকা ৷
নেৰা নেপেৰা বৰষুণৰ ফলত জীয়াধলৰ পানীয়ে পুনৰ বুৰালে ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ মিটাৰৰো অধিক অংশ ৷ জীয়াধলৰ বাঢ়নী পানীয়ে জীয়াধল মিছং, জীয়াধল দিহিৰী, হেঁচুলি, কেঁকুৰি, ডুলুংকান, ঘেয়াৰী, চেঁচা শালমাৰী, গৰৈমাৰী, ভজো গাওঁ আদি বিস্তিৰ্ণ অঞ্চলত হাঁহাকাৰৰ সৃষ্টি কৰিছে ৷ শ শ হেক্টৰ কৃষি ভূমি বুৰাই পেলাইছে জীয়াধলৰ বানে ৷
এই সন্দৰ্ভত স্থানীয় এজন লোকে কয় যে, চলিত বছৰত ভজো গাঁৱৰ এই অঞ্চলত বানপানী হৈছিল যদিও আজিয়েই সৰ্বাধিক পানী উঠিছে। এইদৰে ৰাজপথৰ মাজেৰে নৈৰ পানী বাগৰি থাকিলে অতি কম সময়ৰ ভিতৰতে পথটো বিচ্ছিন্ন হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
Also Read: দিল্লী আধ্যাদেশৰ স্পষ্ট বিৰোধিতা কংগ্ৰেছৰ, সমৰ্থন কৰিব কেজৰিৱালক