/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d13ac169-65a2-481e-84a7-a69f9c97c327/6.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সৰ্ব ভাৰতীয় পৰ্য্যায়ৰ উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিকাৰী শিক্ষানুষ্ঠান জৱাহৰ নৱোদয় বিদ্যালয়, ধেমাজিত বুধবাৰে এখন সমাবেশ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নৱোদয় বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত অভিভাৱক,শিক্ষক শিক্ষয়িত্ৰীৰ এই গুৰুত্বপূৰ্ণ সমাবেশত বিদ্যালয়খনৰ অধ্যক্ষা অঞ্জনাই পৌৰহিত্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0e9039bb-4f2b-4ee5-90b0-ed7c3a290082/13514e03_5486_4640_b82c_4e18222e84ad.jpg)
গাম্ভীৰ্যপূৰ্ণ সমাবেশত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত ধেমাজি জিলাৰ ২হাজাৰ ২০০ প্ৰতিযোগী শিক্ষাৰ্থীৰ মাজৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হৈ অহা ৮০গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনৰ অধ্যক্ষা অঞ্জনাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। সমাৰোহতে এইসকল মেধাৱী শিক্ষাৰ্থীক ২০২৪-২৫শিক্ষাবৰ্ষৰ ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰা হয়। বিদ্যালয়খনত আনুষ্ঠানিক নামভৰ্তিৰ সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নামভৰ্তি কৰা এই ছাত্ৰ-ছাত্ৰীসকলৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ৭বছৰ কাল কটাবলগীয়া পৰিশীলিত আবাসীয় জীৱনৰ মাৰ্গ দৰ্শন দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/73d9f49d-a30e-4bd9-8417-2c4ecaaf440e/c0fe512a_0921_4672_85d8_b3e57f326706.jpg)
এই বিদ্যায়তনিক যাত্ৰাৰ প্ৰাৰম্ভিক খোজত নৱাগত বিদ্যাৰ্থীসকলৰ লগতে অভিভাৱকসকলক অধ্যক্ষা অঞ্জনাই বিদ্যালয়ৰ দৈনন্দিন সময় নিৰ্ধাৰিত নিয়ম-নীতিৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। সমান্তৰালভাৱে আবাসীয় বিদ্যালয়ৰ সৈতে একাত্ম হোৱাৰ বাবে প্ৰয়োজনীয় কৰণীয় তথা অকৰণীয় সকলো নিয়ম-নিৰ্দেশনাৰ বিষয়ে সমাবেশত সবিশেষ আলোকপাত কৰা হয়। সমাৰোহত বিদ্যালয়খনৰ শৈক্ষিক বৰ্ণিল আৰু সফল যাত্ৰাৰ ধাৰা অব্যাহত ৰখাৰ সোপান স্বৰূপ নবাগত ভৱিষ্যতৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমুজ্জল ভৱিষ্যৎ কামনা কৰি শিক্ষানুষ্ঠানখনলৈ আদৰণি জনাই বিদ্যালয় পৰিয়ালে।
Also Read: প্ৰিয়ংকাৰ গান্ধীৰ ৰে'লীৰ পিছতে তিতাবৰত বিজেপিৰ শক্তি প্ৰদৰ্শন...