চিচিবৰগাঁৱত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

চিচিবৰগাঁৱত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
চিচিবৰগাঁৱত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, চিলাপথাৰ: ৰাজ্যজুৰি দেশৰ ৭৮ সংখ্যক স্বাধীনত দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি ছলিছে। নন্দীগিৰি ভূঞা সমাজ কল্যাণ গোটে স্বাধীনতা দিৱসৰ উপলক্ষে বৃহৎ আয়োজন চলাইছে। চিচিবৰগাওঁ মণি ভূঞা সমন্বয় ক্ষেত্ৰত দেখা হৈছে উখল মখল পৰিৱেশ।

Advertisment

উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কৃষ্টি দলৰ উপস্থিতিত বৃহস্পতিবাৰে পুৱা ৮বজাত জাতীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ হ'ব লগা কাৰ্যসূচীৰ দুপৰীয়া মুকলি সভাত উপস্থিত থাকিব অসমৰ বিশিষ্ট সাংবাদিক দীপক শৰ্মাৰ লগতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি আৰু ৰাইজ। উক্ত মুকলি সভাতে গঠন কৰিব নন্দীগিৰি ভূঞা ন্যাস। ন্যাসে হাতত ল'ব বিভিন্ন জনহিতকৰ কৰ্মসুচী।

আয়োজক সমিতিৰ মূখ্য পৃষ্ঠপোষক নন্দীগিৰি ভূঞাই স্বাধীনতা দিৱস সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তুলিবলৈ ৰাইজক সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে।

Also Read: বিহালীত পল্লৱলোচন দাস আৰু ৰঞ্জিত দত্তৰ সংঘাত তুংগত...

sisibargaon independence day