চিলাপথাৰৰ ফাইন আৰ্টচ আৰু কম্পিউটাৰ একাডেমীৰ উদ্বোধন

চিলাপথাৰৰ ফাইন আৰ্টচ আৰু কম্পিউটাৰ একাডেমীৰ উদ্বোধন

author-image
Asomiya Pratidin
New Update
চিলাপথাৰৰ ফাইন আৰ্টচ আৰু কম্পিউটাৰ একাডেমীৰ উদ্বোধন

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ বামগাঁও বৰুৱা চুকত শুকুৰবাৰৰ পৰা মুকলি হ'ল ফাইন আৰ্টচ আৰু কম্পিউটাৰ একাডেমী নামৰ এখন শিক্ষানুষ্ঠান। ছাত্ৰ ছাত্ৰী আৰু ইছুক লোকক উন্নতমানৰ কলাৰ লগতে কম্পিউটাৰৰ শিক্ষা দিয়াৰ লক্ষ্যৰে মুকলি কৰা অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হয় উদ্ধোধনী সভা।

Advertisment

অসম হাইস্কুল শিক্ষক সংস্থাৰ ধেমাজি জিলাৰ সম্পাদক অনিল কুমাৰ নৰহে ফিটা কাটি দ্বাৰ মুকলি কৰি অনুষ্ঠানৰ উজ্বল ভবিষ্যত কামনা কৰে। ইয়াৰ পিছতে অৱসৰপ্ৰাপ্ত কৃতি প্ৰধান শিক্ষক চিত্ৰ বৰগোঁহাঞিৰ সঞ্চালনত অনুষ্ঠিত হয় উদ্বোধনী সভা।

শিক্ষক সমাজকৰ্মী ৰঞ্জিত চাংমাইয়ে সভাৰ উদেশ্য বাখ্যা কৰি ফাইন আৰ্টছৰ আৰু কম্পিউটাৰ অকাডেমি স্থাপনৰ লক্ষ্য আৰু উদেশ্যৰ ব্যাখ্যা দাঙি ধৰে। সভাত আয়োজক সমিতিয়ে অভ্যাগতসকলক একোখন ফুলাম গামোচাৰে আদৰণি জনায়।

সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অকাডেমিৰ এজন অন্যতম উদ্যোক্তা তথা বিষয় শিক্ষক ৰজনী সন্দিকৈ। তেঁও ফাইন আৰ্টছৰ সম্ভাৱনা,পাঠদানৰ পৰা পৰীক্ষা সূচী লৈকে বিতং বিৱৰণ দাঙি ধৰে।

ইয়াৰ পিছতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অৱসৰপ্ৰাপ্ত শিক্ষক অজিৎ চাংমাইয়ে ভাষণ প্ৰসংগত চিলাপথাৰত অনুষ্ঠান যিদৰে প্ৰতিষ্ঠা হৈছে সেই দৰে বহুতৰ অপমৃত্যুও ঘটিছে। স্কুল-কলেজ খোলাতকৈ নিয়াৰি কৈ চলাই নিয়াটোহে কঠিন কাৰ্য্য।

এনেধৰণৰ অনুষ্ঠান জীয়াই ৰাখিবলৈ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু সচেতন ৰাইজৰ সম্পূৰ্ণ সহযোগিতাৰ প্রয়োজন। সেইদৰে সভাত থাকি শোভাৱৰ্ধন কৰা শিক্ষয়িত্ৰী ৰুবি নেওগ বৰগোহাঁইয়ে কয়- সাম্প্ৰতিক সময়ত বেয়া সংগৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আঁতৰাই ৰাখিবলৈ হলে অন্য কামত ব্যস্ত কৰাই ৰাখিব লাগিব।

জীৱনৰ প্ৰতি খোজে খোজে দৰকাৰী হৈ পৰা কম্পিউটাৰ শিক্ষাৰ লগতে চিত্ৰাংকনৰ দৰে অনুষ্ঠানত ছাত্ৰ সমাজক জঢ়িত কৰাই উপকৃত কৰাব লাগি উঠি অহা প্ৰজন্মৰ প্ৰজ্ঞাৰ সাধনৰ প্রতি আগ্ৰহান্বিত কৰাব লাগিব বুলি সাৰুৱা বক্তব্য প্ৰদান কৰে।

উদ্বোধনী অনুষ্ঠানত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ পদ্মা পাঠক, হোমেন হাতীমুৰীয়া, যতীন দিহিঙ্গীয়া, সুনীল গগৈ, নিতুমনি চাংমাই আদিয়ে উপস্থিত থাকি সভাৰ শোভাৱৰ্ধন কৰে।

Also Read: NRLৰ নগৰাঞ্চলত বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু

silapathar