Advertisment

হৰিৰাম খণ্ডেলীয়া আৰু গুগনৰাম ৰাঠি স্মৃতি বঁটা ঘোষণা...

ধেমাজিৰ আধাত্মািক, সমাজকৰ্মী, সংগঠক প্ৰয়াত হৰিৰাম খণ্ডেলীয়াৰ পূণ্য স্মৃতিত বিগত ২০০৯ চনৰে পৰা পৰিয়ালবৰ্গই আগবঢ়াই অহা বঁটাৰ বাবে এইবাৰ দুগৰাকী বিশিষ্ট ব্যক্তিক নিৰ্বাচন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ এগৰাকী আধাত্মািক, সমাজকৰ্মী, সংগঠক প্ৰয়াত হৰিৰাম খণ্ডেলীয়াৰ পূণ্য স্মৃতিত বিগত ২০০৯ চনৰে পৰা পৰিয়ালবৰ্গই আগবঢ়াই অহা “হৰিৰাম খণ্ডেলীয়া স্মৃতি বঁটা''ৰ বাবে এইবাৰ বাঁচনি সমিতিয়ে যোৰহাট জিলাৰ চিনামৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, গ্ৰন্থ প্ৰণেতা ড° দ্বিপেন নাথ আৰু  প্ৰয়াত “গুগনৰাম ৰাঠি স্মৃতি বঁটা''ৰ বাবে লখিমপুৰ জিলা নাৰায়ণপুৰৰ বিশিষ্ট লেখিকা, শিশু সাহিত্যিক জোনমণি বৰাক নিৰ্বাচিত কৰিছে ৷

Advertisment

মাৰৱাড়ী সন্মিলন ধেমাজি আৰু ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ যৌথ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা শিল্পী দিৱসৰ দ্বিতীয় দিনা ১৮ জানুৱাৰীত আনুষ্ঠানিকভাৱে এই বঁটা দুটি প্ৰদান কৰিব বুলি ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নন্দেশ্বৰ বৰগোঁহাই আৰু মাৰৱাড়ী সন্মিলন ধেমাজিৰ সভাপতি কমলকিশোৰ শৰ্মাই এক বিবৃতি যোগে জানিবলৈ দিছে ৷

উল্লেখ্য যে ইয়াৰ আগে  “হৰিৰাম খণ্ডেলীয়া স্মৃতি বঁটা''  টাই গৱেষক, চিত্ৰ শিল্পী ড° পুষ্প গগৈ, প্ৰয়াত শিক্ষাবিদদ্বয় ললিত চুতীয়া আৰু বিপিন চুতীয়া, প্ৰয়াত বিৰেশ্বৰ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিৱ প্ৰসাদ গগৈ, ড° বন্তি গগৈ হাওবৰা, নাট্যকাৰ অসীম শৰ্মা আদিক প্ৰদান কৰা হৈছিল। একেদৰে  “গুগনৰাম ৰাঠি স্মৃতি  বঁটা'' ব্যঙ্গ সাহিত্যিক বিমল ৰাজখোৱাক প্ৰদান কৰিছিল৷

বঁটা প্ৰদান অনুষ্ঠান