ধেমাজিত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীত বাটৰ নাট পৰিৱেশন

ধেমাজিত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীত বাটৰ নাট পৰিৱেশন
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু গোগামুখ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ (এএচ এচ) গোটৰ সহযোগত বুধবাৰে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচীৰ উপলক্ষে এখনি বাটৰ নাট কাৰ্যসূচী প্ৰদৰ্শন কৰে ৷ 'মহাত্মা গান্ধী এতিয়াও জীয়াই আছে' শীৰ্ষক বাটৰ নাটৰ জৰিয়তে কলা- কুশলীসকলে সকলোৰে আগত প্ৰদৰ্শন কৰে ৷

গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰৰ বাটৰ নাটৰ কাহিনীত গোগামুখ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক চয়নিকা বৰাৰ নাট্যৰূপ৷ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ভৰত শইকীয়াই সুন্দৰকৈ পৰিচালনা কৰা নাট প্ৰদৰ্শনত অভিনয়ত শিল্পী সকল ক্ৰমে গান্ধী মনোৰঞ্জন পেগু ,বিপিন ৰোহন পেগু ,কলিমী নয়নিকা বৰুৱা ,উকীল ৰিজুমনি পাতিৰ ,ডাক্তৰ বিতোপন দলে আৰু পুলিছ টুটু পেগুৱে৷ প্ৰদৰ্শনৰ শেষত শলাগৰ শৰাই আগবঢ়াই কাঞ্চন কুমাৰী শৰ্মাই ৷

এই কাৰ্য্যসূচীৰ পূৰ্বে গোগামুখৰ মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ সদস্যসকলে জিলা আয়ুক্তৰ কাৰ্য্যালয় চৌহদত চাফাই কাৰ্য্যসূচী কৰে৷ বাটৰ নাট কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জিলা আয়ুক্ত অংকুৰ ভৰালী, জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় , ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ , জিলা অতিৰিক্ত আয়ুক্ত দ্বয় ৰশ্মি প্ৰতাপ আৰু ঋতু পল্লৱ বৰুৱা , ধেমাজি পৌৰসভাৰ পৌৰপতি দ্বীপ ৰেখা দাস বাঘ্ৰী, ধেমাজি নগৰ ব্যৱসায়ী সন্হাৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁইকে ধৰি জিলা আৰু আৰক্ষী প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে ৰাইজ আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে।

ধেমাজিত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীত বাটৰ নাট পৰিৱেশন
অসম চুক্তিৰ ৩৯বছৰ উপলক্ষে ধুবুৰীত বন্তি প্ৰজ্বলন কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in