চেঙাজানত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ৰাজহুৱা সভা

শুকুৰবাৰে চেঙাজানস্থিত জিএনএছএমৰ চেঙাজান আঞ্চলিক সমিতিৰ মুখ্য কাৰ্য্যালয়ত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভা

author-image
Asomiya Pratidin
New Update
চেঙাজানত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ৰাজহুৱা সভা

ডিজিটেল সংবাদ, ধেমাজিঃ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ(জিএনএছএম)ৰ এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা শুকুৰবাৰে চেঙাজানস্থিত জিএনএছএমৰ চেঙাজান আঞ্চলিক সমিতিৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত কৰা হয়। চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য সুজিত হাজঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই জিএনএছএমৰ সাধাৰণ সম্পাদক তোলন সোনোৱালে কয় যে- গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ আগন্তুক দ্বিতীয় ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ইয়াৰ পৰিকল্পনা, প্ৰস্তুতি, পুঁজি আৰু অধিৱেশনৰ কাৰ্য্যসূচী প্ৰস্তুত কৰাৰ উদ্দেশ্যি সভাখন অনুষ্ঠিত কৰা হৈছে ।

Advertisment

সভাত জিএনএছএমৰ সভাপতি জাৰিমিন নাৰ্জাৰী, উপদেষ্টা কালু দাস, উপ-সভাপতি গন্ধেশ্বৰ গগৈ, সাংস্কৃতিক সম্পাদক নিত্যানন্দ হাজং, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, ধেমাজি জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি ধৰ্মেন্দ্ৰ দাস, জিএনএছএমৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, চিচি-চিলাপথাৰ জিলা সমিতিৰ সভাপতি শৈলেশ দলে, অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং, এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি প্ৰবীণ দৈমাৰী, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি ৰবীণ বড়ো উপস্থিত থাকি জিএনএছএমৰ আগন্তুক ত্ৰয়োদশ বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনখন সৰ্বাঙ্গ সুন্দৰভাৱে অনুষ্ঠিত কৰিবলৈ ঐক্যবদ্ধ প্ৰচেষ্টা চলাই যাব লাগিব বুলি উল্লেখ কৰে। সকলো জাতি-জনগোষ্ঠী, ভাষা, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য আগবঢ়াই উপস্থিতসকলে।

জিএনএছএমৰ সহকাৰী সাধাৰণ সম্পাদক ফনীধৰ দ্বাৰিক, কাৰ্য্যনিৰ্বাহক ধৰ্মকান্ত দলে, চিচি-চিলাপথাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰ্ত ৰাজবংশী, অধ্যক্ষ প্ৰতিনাথ দ্বাৰিক, জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাং, চেঙাজান, মাজৰবাৰী, লৃচাং,চমকং আদি কেইবাখনো আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকসকল উপস্থিত থকা সভাই জিএনএছএমৰ ত্ৰয়োদশ বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনখন ২০২৪ চনৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ অথবা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

প্ৰস্তাৱিত অধিৱেশনখন মাজৰবাৰীৰ বামবস্তি চিমেন নদী চাপৰিত অনুষ্ঠিত কৰা, আগন্তুক অধিৱেশনৰ বাজেট পঞ্চাশ লাখ টকা ধাৰ্য কৰা, জিএনএছএমৰ নিষ্কিয় হৈ থকা আঞ্চলিক সমিতিসমূহ পুনৰ গঠন কৰা, অহা ৩১ অক্টোবৰত মাজৰবাৰী বুধবৰীয়া ৰাসমন্দিৰ প্ৰাঙ্গণত জিএনএছএমৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা, অধিৱেশনৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী, কেইবাজনো মন্ত্ৰী, কেবাখনো স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান, জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বক আমন্ত্ৰণ জনোৱা আদি সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: আমোল মোল শেৱালিৰ গোন্ধত শৰতৰ আগমন

social activist