ডিজিটেল সংবাদ চিলাপথাৰঃ ধেমাজিৰ চিলাপথাৰত নৱজাতক বিক্ৰীৰ দৰে এক ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে। তাৰ মাজতে পিতৃ মাতৃসহ চাৰিজনক ৰঙা ঘৰলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে।
উল্লেখ্য যে, চিলাপথাৰত সংঘটিত হোৱা এই নৱজাতক বিক্ৰীৰ ঘটনাৰ সন্দৰ্ভত চিলাপথাৰ আৰক্ষীয়ে 61(2) 143(4) BNS R/W SECTION 75/81 JUVIENILE JUSTICE CARE AND POTECTION অধীনত ২০৯/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত।
ইয়াৰ মাজতে মংগলবাৰে বিয়লি চিলাপথাৰ নিলখৰ নিবাসী তথা নৱজাতকৰ পিতৃ বুদ্ধিমান বৰা, মাতৃ সবিতা বৰাৰ লগতে বাবুল বৰা, দিলীপ শইকীয়াসহ মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰি বুধবাৰে ধেমাজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
অৱশ্যেই ঘটনাত জড়িত তথা শিশুটি ক্ৰয় কৰা বেবি পেগু চহৰীয়া আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। একেদৰে CWC'ৰ দলে শিশুটি উদ্ধাৰ কৰিছিল শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ চিলাপথাৰ জোনাকী নগৰস্থিত বাসভৱনৰ পৰ।
কি পৰিস্থিতিত পিতৃ, মাতৃয়ে বিক্ৰী কৰি দিয়া এটা সদ্যোজাত শিশু চিকিৎসক চন্দ্ৰজিত দলেৰ বাসভৱনত উদ্ধাৰ হ'ল তাক লৈ ৰাইজৰ মাজত সৰব চৰ্চা চলিছে। এই পৰ্যন্ত চিকিৎসক জনক চিলাপথাৰ আৰক্ষীয়ে আটক কৰা নাই বুলি জানিব পৰা গৈছে।