Advertisment

চিলাপথাৰৰ ৪ জনক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হাজাৰকৈ জৰিমণা

ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে মঙ্গলবাৰে এক ৰায়দান যোগে হত্যা কৰিবলৈ চেষ্টাৰ চলোৱাৰ অপৰাধত চিলাপথাৰৰ এটা গোচৰত চাৰিজনকৈ অপৰাধীক ১০ বছৰকৈ সশ্ৰম কাৰাদণ্ড আৰু নগদ ২০ হাজাৰকৈ টকা জৰিমনা বিহে ৷

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে মঙ্গলবাৰে এক ৰায়দান যোগে হত্যা কৰিবলৈ চেষ্টাৰ চলোৱাৰ অপৰাধত চিলাপথাৰৰ এটা গোচৰত চাৰিজনকৈ অপৰাধীক ১০ বছৰকৈ সশ্ৰম কাৰাদণ্ড আৰু নগদ ২০ হাজাৰকৈ টকা জৰিমনা বিহে ৷

Advertisment

ৰায়দানৰ তথ্যত প্ৰকাশ যে, ধেমাজি জিলা চিলাপথাৰ আৰক্ষী থানাৰ অধীনত এখন গাঁৱত যোৱা ২০১২ চনৰ ফেব্ৰুৱাৰীত আল্লাই মিলি নামৰ এজন লোকক অঞ্চলটোৰ চাৰিজন ব্যক্তিয়ে চোকা অস্ত্ৰৰে আঘাট কৰি মৃতপ্ৰায় অৱস্থাত পেলাই গৈছিল ৷ এনে ঘটনাক লৈ
পৰিয়ালে চিলাপথাৰ আৰক্ষী থানাত ৰুজু কৰা ৫০/২০১২  গোচৰৰ ভিত্তিত আৰক্ষীয়ে
ঘটনাৰ তদন্ত কৰি ক্ৰমে বিজু দলে, গোবিন কুলি, ভগীৰথ কুলি আৰু মোহন ওৰফে ডাক্তৰ কুলিক প্ৰমানসহ গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল ৷

পৰবৰ্তী সময়ত চিলাপথাৰ আৰক্ষীয়ে আদালতত ঘটনাৰ তদন্তৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল ৷  জিলা আৰু সত্ৰ ন্যায়াধীশক আদালতৰ ৯৯/২০১৪ গোচৰৰ জৰিয়তে পৰবৰ্তী সময়ত সাক্ষীবাদী লৈ বিগত ১২ বছৰে চলোৱা গোচৰৰ অন্তত আদালতে অপৰাধী ৪ জনকে ১০ বছৰকৈ সশ্ৰম কাৰাদণ্ড আৰু নগদ ২০ হাজাৰকৈ টকা জৰিমনা বিহে ৷

উল্লেখ্য যে নগদ ২০ হেজাৰ টকা অনাদায়ে অতিৰিক্ত ২ বছৰকৈ কাৰাবাস খাটিব লাগিব ৷ উক্ত গোচৰটোত আচামী পক্ষৰ হৈ অধিবক্তা নন্দেশ্বৰ বুঢ়াগোঁহাইয়ে উকালতি কৰাৰ বিপৰীতে চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফোকলাই উকালতি কৰিছিল ৷

চিলাপথাৰ ধেমাজি সত্ৰ ন্যায়াধীশ আদালত