মৰিধল মহাবিদ্যালয়ত সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ প্ৰতিষ্ঠা দিৱস পালন

সাধাৰণ জাতি সুৰক্ষা সন্মিলন, অসমৰ শুকুৰবাৰে মৰিধল মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ পুৱা ৮.৪৫ বজাত মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপেন শইকীয়াই পৰিবেশ পৰিষ্কাৰণ আৰু গছপুলি ৰোপণেৰে কাৰ্য্যসূচী শুভাৰম্ভণি কৰে৷

author-image
Asomiya Pratidin
New Update
মৰিধল মহাবিদ্যালয়

ডিজিটেল সংবাদ, ধেমাজি সাধাৰণ জাতি সুৰক্ষা সন্মিলন, অসমৰ ধেমাজি জিলা সমিতিৰ আতিথ্যত শুকুৰবাৰে মৰিধল মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহতচতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠাদিৱসটি উদযাপন কৰা হয়৷কাৰ্য্যসূচী অনুসৰি পুৱা ৮.৪৫ বজাত মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপেন শইকীয়াই পৰিবেশ পৰিষ্কাৰণ আৰু গছপুলি ৰোপণেৰে কাৰ্য্যসূচীশুভাৰম্ভণি কৰে৷

Advertisment

পুৱা ৯ বজাত সাধাৰণ জাতি সুৰক্ষাসন্মিলনৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈয়ে মূল পতাকাখনি উত্তোলন কৰা লগতে সংগঠনৰ আন তিনিখন পতাকা উত্তোলন কৰে ক্ৰমেইন্দ্ৰেশ্বৰ শৰ্মা, বুলু মহন্ত আৰু ৰবীন শৰ্মা বৰুৱাই৷উদযাপন সমিতিৰ পতাকাউত্তোলন কৰে উদযাপনসমিতিৰ সভাপতি প্ৰদীপশৰ্মাই৷

পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পন কৰে সাধাৰণজাতি সুৰক্ষা সন্মিলনৰ মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাই৷ পুৱা ১০ বজাত বন্তিপ্ৰজ্বলন কৰে শ্ৰীশ্ৰী চেকেৰাতলি সত্ৰৰ সত্ৰাধিকাৰ যদুমনি দেৱ গোস্বামীয়ে৷

পুৱা ১০.৩০ বজাত দিহা নাম পৰিৱেশনেৰে মঞ্চ উদ্বোধনকৰে৷ পুৱা ১১.৩০ বজাতসাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ সভাপতি ক্ষীৰোদ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰউদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণজাতি সুৰক্ষা সন্মিলনৰ মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাই৷ সভাত মুখ্য অতিথিহিচাপে উপস্থিত থাকে সত্ৰীয়া সংস্কৃতিৰ সাধক বনমালী গোস্বামীয়ে৷

সভাতবৃহত্তৰ অসমীয়া খিলঞ্জীয়া সাধাৰণ জাতিৰ ভৱিষ্যত শীৰ্ষক বিষয়ৰ ওপৰত বিশিষ্ট ব্যক্তিসকলে বক্তব্য ৰাখে৷সাধাৰণ জাতি সুৰক্ষা উন্নয়ন, ভৱিষ্যতৰ কৰণীয়,চৰকাৰৰ ওচৰত পদক্ষেপ গ্ৰহন কৰা সামগ্ৰিক দিশসমূহৰ বিষয়ে আলোকপাত কৰে ক্ৰমে সাংবাদিক, সত্ৰীয়া সাংস্কৃতিক সাধক বনমালী মহন্ত, সাধাৰণ জাতি বিকাশ পৰিষদৰ প্ৰতিষ্ঠাক সম্পাদক নৱ কাকতি, সাধাৰণ জাতি মহিলা সন্মিলনৰ উপ-সভানেত্ৰী দিপ্তীমনি গোস্বামী,সন্মিলনৰ যুটীয়া সম্পাদক হিৰন্য কুমাৰ ডেকা, ধেমাজিজিলা সত্ৰ মহাসভাৰ সভাপতি বনমালী দেৱ গোস্বামী, অৱন শৰ্মা,জিতু দত্ত আৰু ত্ৰিদিপ শৰ্মাই৷

মুকলি সভাত চিচিবৰগাঁওৰশ্ৰীশ্ৰী শ্ৰৱনী সত্ৰৰ সত্ৰাধিকাৰ তথা চিচিবৰগাঁও মজলীয়াবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জয় কান্ত মহন্ত, নৰোৱা সত্ৰৰ সত্ৰাধিকাৰলীলা কান্ত দেৱ গোস্বামী, ভৱ দেৱী,ঈশান শৰ্মা, মহেন্দ্ৰকলিতা,ভদ্ৰেশ্বৰ দেৱী,আৰতী দেৱী,লেখনী দেৱীকে আদি কৰি জিলাখনৰ বহুকেইগৰাকী বয়োজ্যেষ্ঠ লোকক সম্বৰ্ধনাজনোৱা হয়৷

সভাত ধেমাজিজিলা সমিতিৰ হৈ সভাপতি অনিল শৰ্মা, সম্পাদক হেমন্তশৰ্মা, উদযাপন সমিতিৰ সম্পাদক আৰু সভাপতি ভাস্কৰ সভাপণ্ডিত, প্ৰদীপ শৰ্মা, ধেমাজি কাথ সত্ৰৰ কৃষ্ণ গোস্বামী, কৰুণা গোস্বামী আদিৰ নগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে৷ সভাত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে মনালিছা দেৱীয়ে৷

মৰিধল মহাবিদ্যালয়