কোলাপথাৰ লখিমীনগৰত গাঁও উন্নয়ন সমিতি গঠন...

কোলাপথাৰ লখিমীনগৰত গাঁও উন্নয়ন সমিতি গঠন...

author-image
Asomiya Pratidin
New Update
কোলাপথাৰ লখিমীনগৰত গাঁও উন্নয়ন সমিতি গঠন...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি পৌৰসভাৰ অধীনৰ ৬নং ৱাৰ্ডৰ কোলাপথাৰ লখিমীনগৰত সোমবাৰে পুৱা ৯ বজাত অধ্যাপক ৰিদিপ ফুকনৰ গৃহত এখনি গাওঁৰ উন্নয়নমূলক ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট কণ্ঠশিল্পী ড° বনজিৎ ভট্টৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক দেৱজ্যোতি কলিতাই ৷

Advertisment

সভাত গাওঁখনৰ শান্তি, সুৰক্ষা আৰু সৰ্বাংগীন উন্নয়নৰ বাবে সকলো সময়তে অঞ্চলবাসী ৰাইজে দৃঢ়তাৰে কাম কৰি যোৱা পোষকতা কৰি বক্তব্য প্ৰদান কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক যোগানন্দ বৰুৱা, অনন্ত সোনোৱাল, মনোৰঞ্জন লাগাছু , স্বপন মণ্ডল ,অজিত গোহাঁই ,ৰাজীৱ দেউৰী, ৰিকুন দত্ত , বাবুল বড়া, অশ্বিনী কুমাৰ দুৱৰা , তিনি অধ্যাপক ক্ৰমে ৰিদিপ ফুকন, মাৰ্ধুয্য গগৈ আৰু শংকৰ পালে ৷

সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সিদ্ধান্তও গ্ৰহন কৰা হয় ৷ সভাই আগন্তুক দুবছৰৰ বাবে ড° বনজিৎ ভট্টক সভাপতি, যোগানন্দ বৰুৱাক উপ- সভাপতি, অশ্বিনী কুমাৰ দুৱৰাক সম্পাদক , ৰিকুন দত্তক সহকাৰী সম্পাদক, মাৰ্ধুয্য গগৈক কোষাধ্যক্ষ হিচাপেলৈ গাওঁখনৰ এখনি শক্তিশালী গাওঁ উন্নয়ন সমিতি গঠন কৰা হয় ৷ প্ৰথম পদক্ষেপ হিচাপে সভাই অহা ২৩জুনত গাওঁখনত ৰাজহুৱাভাৱে গছপুলি ৰোপনৰ কাৰ্যসূচী সিদ্ধান্ত লয় ৷

Also Read: ভয়ংকৰ খবৰঃ উত্তৰ-পূবলৈ অহা এখনো ৰেলত নাই ‘কবচ’, কিন্তু কবচ আচলতে কি?

dhemaji