/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f594c83f-389a-4ef7-9fad-637b272de010/3.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি তেলিজানস্থিত মৌ-মাৰী পৰিৱেশ পৰ্য্টন কেন্দ্ৰত অহা ২৮ অক্টোবৰত এদিনীয়াকৈ বৰশী বোৱা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই সৰ্ম্পকে দেওবাৰে মৌ-মাৰী পৰিৱেশ পৰ্য্যটন কেন্দ্ৰৰ চৌহদত উদ্যোগতাসকলে এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷
মৌ-মাৰী ই'ক ফিছিং কম্পিটিশ্যন আয়োজক সমিতিৰ সম্পাদক দুৰ্লভ বাইলুঙে আঁত ধৰা সংবাদমেলত মৌ-মাৰী পৰিৱেশ পৰ্য্যটন কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন দিহিঙীয়াই কয় যে, ৬৫ বিঘা জল কালি দৈঘ্যৰ ফিছাৰীটোৰ বাবে মৌ-মাৰী পৰিৱেশ পৰ্য্যটন কেন্দ্ৰই কোনো চৰকাৰী সাহায্য বা অনুদান এতিয়ালৈকে পোৱা নাই ৷ এই পৰ্য্যটন কেন্দ্ৰৰ উদ্যোগতাসকলে বহু কষ্টৰে দীঘদিন ধৰি কামকাজ চলাই আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c7a033a3-d023-411d-a523-947e0b96d0f0/f45064cf_639c_4104_ac7b_b9576ccbcdf4.jpg)
সেইয়ে এনেধৰনৰ প্ৰতিযোগিতাৰ জৰিয়তে চৰকাৰ, জিলা প্ৰশাসন আৰু ৰাইজক আকৰ্ষিত কৰি তোলাৰ উদ্দেশ্যে এই বৰশী বোৱা প্ৰতিযোগিতাৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছে বুলি পৰ্য্যটন কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে অৱগত কৰে ৷ ইফালে সংবাদমেলত উপস্থিত থকা অসমৰ উজনি আৰু নামনিত বৰশী বোৱা প্ৰতিযোগিতাৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰি অহা দুই অভিজ্ঞ ব্যক্তি ক্ৰমে শিৱসাগৰৰ ভাস্কৰ সন্দিকৈ আৰু দিলীপ ছাহাই প্ৰতিযোগিতাৰ বাবে অৱলম্বন কৰা নীতিনিয়ম সম্পৰ্কে অৱগত কৰা লগতে এই বৰশী বোৱা প্ৰতিযোগিতাই কেৱল অসমতেই নহয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়তো এই প্ৰতিযোগিতাই বৰ্তমানে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে৷
অহা ২৮ অক্টোবৰত ধেমাজিত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা ৬০০ প্ৰতিযোগীৰ বাবে আয়োজন কৰা হৈছে ৷ এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ লগতে অসমৰ বাহিৰৰ প্ৰতিযোগীও অংশগ্ৰহণ কৰিব ৷ মুঠ ২৫ টা প্ৰাইজৰ বাবে প্ৰত্যেকটোৰ টিকেটৰ মূল্য ২৫০০ টকা। ইয়াৰ বাবে ইতিমধ্যে অনলাইনৰ জৰিয়তে টিকটসমূহৰ বুকিং হৈ আছে৷ টিকেটৰ বুকিঙৰ অন্তিম দিন চলিত মাহৰ ২৪ অক্টোবৰলৈকে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷
Also Read: ক্ৰিকেট বিশ্ব মহাৰণত আজি নিউজিলেণ্ড বনাম নেদাৰলেণ্ড
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us