স্বাধীনতাৰ সাত দশকৰ পাছতো ডিমৌ নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলং...

চিলাপথাৰ অঞ্চলৰ চিলাসুটি পঞ্চায়তৰ বিধ্বস্ত যাতায়তে যমৰ-যাতনা ভুগাইছে ৰাইজক

author-image
Asomiya Pratidin
New Update
স্বাধীনতাৰ সাত দশকৰ পাছতো ডিমৌ নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলং...

ডিজিটেল সংবাদ,চিলাপথাৰ : দেশে স্বাধীনতা লাভ কৰা সাত দশকৰ পাছতো ডিমৌ নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলং। বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল কিন্তু আজিকোপতি দলং নিৰ্মাণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে চিলাপথাৰ অঞ্চলৰ ভুক্তভোগী ৰাইজে।

Advertisment

দলঙৰ অভাৱত অঞ্চলটোৰ অৰ্চি মাজৰবাৰী, চাবচেণ্টাৰ, কৰৈবাৰী, শিৱ নগৰ, ভৈয়াম বেলগুৰি, মহাৰাণী, বোকাবিল, ভগৱান,কদমতলা আদি গাঁৱৰ ৰাইজে চৰম হাৰাশাস্তি ভোগ কৰিছে। ভৰ খৰালিটো একঁকাল পানীত অহা যোৱা কৰিব লগা হয় গঞা।

বাৰিষা সম্পুৰ্ণৰূপে বন্ধ হৈ পৰে অহা-যোৱা। দলঙৰ অভাৱত গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীৰ অৱস্থা তথৈবচ হৈ পৰে। তদুপৰি নদীৰ দুয়োপাৰে অৱস্থিত গাঁৱৰ বাট-পথবোৰৰ অৱস্থাও তেনেই শোচনীয়।

অভিযোগ অনুসৰি নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণৰ কথা দি বাৰে বাৰে কথা নাৰাখে জনপ্রতিনিধিয়ে। ডিমৌ নদীৰ ওপৰত দলং সজাই শীঘ্ৰে ৰাইজক উপকৃত কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে।

bridge silapathar