/asomiyapratidin/media/media_files/2025/02/08/0k3FLFA0wEt3RyjJf6bX.jpg)
ডিজিটেল ডেস্কঃ অসম -অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিলাপথাৰৰ ডিমৌ ৰে'ল লাইনৰ কাষত বিবদমান ভূমি বেদখলত নামিছে অৰুণাচলী লোক।ৰে'ল লাইনৰ কাষতে কেন্দ্ৰীয় চৰকাৰে বিবাদমান হিচাপে চিহ্নিত কৰা বিশাল ভূমি বেদখলেৰে অৰুণাচলীয়ে নিৰ্মাণ কৰিছে স্থায়ী কাটা তাঁৰৰ বেৰা। খান্দিছে বৃহৎ পুখুৰী।
উল্লেখ্য যে, চিলাপথাৰ থানাৰ অন্তৰ্গত এই অঞ্চলৰ ৰে'ল লাইনৰ সোঁ দিশৰ ভূমি যুগ যুগ ধৰি অসমৰ ভূমি হিচাপে পৰিচিত আছিল। এই অঞ্চলত অসমীয়া লোকে বসবাস কৰি আহিছিল।
কিন্তু অৰুণাচলীয়ে এই ভূমি তেওঁলোকৰ বুলি দাবী কৰি গোচৰ তৰাত ন্যায়ালয়ে বিবদমান আখ্যা দি সকলো স্থায়ী নিৰ্মাণ বন্ধ কৰি ৰাখিছে। তাৰ পিছতো দখলৰ কুচকাৱাজ চলাই আহিছে চুবুৰীয়া দেশখনৰ চৰকাৰ, প্ৰশাসনৰ মদতপুষ্ট আগ্ৰাসী অৰুণাচলীয়ে।
সেয়ে বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সীমান্তৱৰ্তী অঞ্চালৰ স্থানীয় ৰাইজে। শুকুৰবাৰে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা আৰু টি এম পি কেৰ ডিমৌ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত বিবাদগ্ৰস্ত ভূমিৰ ওপৰত অৰুণাচলীয়ে চলোৱা অগ্ৰাসনৰ বাবে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী।
ঘটনাস্থলীত ডিমৌ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ সক্ষম হয়। অসম চৰকাৰ তথা প্ৰশাসনে অসমৰ এই বিবাদগ্ৰস্ত ভূমিৰ স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে অনাগত দিনত জংগী গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ দিয়ে সংগঠন দুটায়ে।