/asomiyapratidin/media/media_files/2025/05/08/yd06EpIQAvf57mxu3rlU.png)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বুধবাৰে বিয়লি ৪ বজাত ধেমাজি সদৰ আৰক্ষী থানাত বিনামূলীয়া এম্বুলেন্স সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে৷ এম্বুলেন্স সেৱা মুকলি কৰি বক্তব্যত জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ সভাপতিগৰাকীয়ে ধেমাজিত যি কোনো সময়তে পথ দুৰ্ঘটনাগ্ৰস্ত হোৱা লোকসকলক তাৎক্ষণিকভাৱে উদ্ধাৰ কৰি চিকিৎসা বাবে অনা ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে৷
ইয়াৰ বাবে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষ আৰু ইয়াৰ বাবে নিৰ্দিষ্ট কৰা মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷ সভাত উপস্থিত থকা ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে কয় যে, ধেমাজিত পথ দুৰ্ঘটনাৰ জৰুৰীকালীন সঁহাৰিৰ বাবে এই এম্বুলেন্স সেৱা ৰাইজৰ কাৰনে আজিৰে পৰাই উপলব্ধ হ'ব৷
এই সেৱা বিনামূলীয়াকৈ ৰাইজৰ বাবে অবিৰতভাৱে চলি থাকিব৷ এম্বুলেন্সৰ চালকৰ পাৰিতোষিক জিলা পথ সুৰক্ষা সমিতিয়ে ব্যৱস্থা কৰিব৷ মাত্ৰ এম্বুলেন্স সেৱাত নথকা নাৰ্চিং সেৱাৰ বাবে মই ধেমাজি আৰক্ষী অধীক্ষকৰ চাউনিত থকা এগৰাকী নাৰ্চিং ষ্টাফক এম্বুলেন্স সেৱাত সংলগ্নৰ ব্যৱস্থা কৰি দিছোঁ বুলি উল্লেখ কৰি কয় যে, ৰাইজৰ কোনো অসুবিধা নহয় তাৰ বাবেই এই ব্যৱস্থা।
দুৰ্ঘটনাগ্ৰস্তক তৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ গৈ চিকিৎসাৰ সুবিধা দি সৰ্বসাধাৰণ ৰাইজৰ জীৱন ৰক্ষা কৰাৰ বাবেই এই পদক্ষেপ৷ এই এম্বুলেন্স সেৱা ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে নিয়ন্ত্ৰণ কক্ষৰ মোবাইল নম্বৰৰ সৈতে ৰাইজে যোগাযোগ কৰিব পাৰিব বুলি অৱগত কৰে৷
ধেমাজি জিলা পৰিবহণ বিষয়া গৌতম ডেকাই আঁত ধৰা সভাখনত পথ দুৰ্ঘটনাৰ সম্পৰ্কে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁয়ে বক্তব্য ৰাখে। সভাত জ্যেষ্ঠ মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস, ধেমাজি সদৰ উপ আৰক্ষী অধীক্ষক অনিল মৰাং, জিলা আৰক্ষী বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক সিদ্ধেশ্বৰ বৰা, ধেমাজি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ ভাৰপ্ৰাপ্ত কাৰ্য্যবাহী অভিযন্তা নিৰোদ চাংমাই, ধেমাজি জিলা পৰিবহণ বিভাগৰ এম ভি আই পৰোপজ্যোতি গগৈ আৰু ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সোনটি হাজৰিকাকে ধৰি বিভিন্ন বিভাগৰ বহু কেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে।