/asomiyapratidin/media/media_files/2025/01/27/1y43zNS22zWsOqIytswZ.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ বিভিন্ন সময়ত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে গাওঁ ,নগৰে, চহৰে বিদ্যুৎ যোগানৰ বিল দিয়া নামত চূড়ান্ত ময়মতালিৰে গ্ৰাহকক হাৰাশাস্তি কৰি অহাৰ সঘনে অভিযোগ উত্থাপন হৈ আহিছে। এ পি ডি চি এলৰ দায়িত্বহীনতাৰ বাবেই বহু সময়ত উপভোক্তা এনে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।
এ পি ডি চি এলৰ এনে দায়িত্বহীনতাৰ চূড়ান্ত নিদৰ্শন দেখা পোৱা গৈছে ধেমাজি জিলাৰ এখন অতি ভিতৰুৱা গাঁৱত। জানিব পৰা মতে ধেমাজিৰ অতি ভিতৰুৱা খলিহামাৰি গাঁৱৰ নমিতা চুতীয়া চাংমাই নামৰ মহিলা গৰাকীৰ নামত জানুৱাৰী মাহতেই আহিল৮ লাখ ৮ হেজাৰ ৯৭৬ টকাৰ বিল।
এই বিল দেখা পোৱা মাত্ৰকে মহিলাগৰাকীৰ লগতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ সমানে চাঞ্চল্য। ইফালে মহিলাগৰাকীয়ে ৮ লাখৰো অধিক টকাৰ এই বিল দেখাৰ পাছত মূৰে কপালে হাত দিছে।
অভিযোগ মতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনৰ ধেমাজি বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী মহাপ্ৰৱন্ধক গৰাকীৰ দায়িত্বহীনতাৰ বাবেই গ্ৰাহকলৈ এনে লাখ লাখ টকীয়া বিল গৈছে। ইয়াকে লৈ সৰ্বসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইফালে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ধেমাজি বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰ বিসংগতিকে ধৰি গ্ৰাহক সকলৰ অন্যান্য সমস্যাকলৈ দল, সংগঠন আৰু ৰাইজে বাৰম্বাৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো ভ্ৰুক্ষেপেই নকৰাৰ গুৰুত্বৰ অভিযোগ উৎথাপন হৈছে ৷