মেট্ৰিকৰ ফলাফল নিম্নগামী : ধেমাজিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেওঁৰ ধেমাজিৰ বাসগৃহত এক সংবাদ মেল সম্বোধন কৰি ফলাফল সন্দৰ্ভত মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
মেট্ৰিকৰ ফলাফল নিম্নগামী : ধেমাজিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল

ডিজিটেল সংবাদ, ধেমাজি: সকলো উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত ব’হাগ বিহুৰ প্ৰাকক্ষণত শুকুৰবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ আজিৰ ফলাফলত উজলি উঠিবলৈ সক্ষম হোৱা জিলাকেইখন হৈছে প্ৰথম শিৱসাগৰ, দ্বিতীয় ডিব্ৰুগড় আৰু তৃতীয় ধেমাজি জিলা৷

Advertisment

এই ফলাফলৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শুকুৰবাৰে মন্ত্ৰীগৰাকীৰ ধেমাজিৰ গৃহত সংবাদ মাধ্যমৰ আগত সদৰি কৰি কয় যে,  ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। এইবাৰ উত্তীৰ্ণ হাৰ হৈছে ৬৩.৯৮ শতাংশ৷

পূৰ্বৰ তুলনাত উৰ্ত্তীণৰ হাৰ এইবাৰ কম বুলি তেওঁ উল্লেখ কৰে৷ এই ফলাফলৰ শীৰ্ষস্থানৰ জিলা হিচাপে  শিৱসাগৰ প্ৰথম, ডিব্ৰুগড় দ্বিতীয়, ধেমাজি তৃতীয়, যোৰহাট চতুৰ্থ, নলবাৰীয়ে পঞ্চম স্থান দখল কৰি উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে৷ ইফালে শেষৰফালে আছে কাছাৰ, ধুবুৰী, গোৱালপাৰা জিলা৷ 


সকলো উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰি শিক্ষা মন্ত্ৰী ডাঃ  পেগুয়ে কয় যে, যিসকল কৃতকাৰ্য হ’ব পৰা নাই সেই সকললৈ আহ্বান তেওঁলোকে দ্বিতীয়বাৰৰ বাবে সফলতা অৰ্জনৰ বাবে চেষ্টা কৰিব৷ অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ লগত সহযোগিতা কৰিব৷ 


তেওঁ কয়, ফলাফলটোত এটা কথা দেখিছো যে যোৱা বছৰ যেনেকৈ ভাল হৈছিল তাৰ তুলনাত উত্তীৰ্ণ শতকৰা হাৰ নিম্নগামী হৈছে৷ নিম্নগামী হোৱাৰ ক্ষেত্ৰত অসমৰ কিছুমান বিশেষ জিলা আছে, তাত আমাৰ ফলাফল বেয়া হৈছে৷ তাৰোপৰি আমি যদি জাতিগত, সম্প্ৰদায় হিচাপে চাওঁ তেনে ক্ষেত্ৰত দেখা পাম যে আমাৰ চাহ জনজাতীয় অঞ্চল, অনুসূচিত জাতি অঞ্চল তেওঁলোকৰ ফলাফলত উত্তীৰ্ণৰ গড় হিচাপে কম৷ চাহ বাগান অঞ্চল শিক্ষাত পিছপৰা অঞ্চল৷ সেয়েহে তাত শিক্ষাক আগুৱাই নিয়াৰ বাবে এলানি পদক্ষেপ গ্ৰহন কৰিছে আৰু আমি চাহ বাগিচা মৰ্ডেল স্কুলো প্ৰতিষ্ঠা কৰিছো৷ 


এইদৰে মন্ত্ৰীগৰাকীয়ে বহুকেইটা দিশৰ ওপৰত মন্তব্য কৰে৷ ইফালে শুকুৰবাৰে ঘোষণা কৰা মেট্ৰিকৰ ফলাফলত ধেমাজি জিলাৰ পৰা ১৩৮৭৫ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈ ১০৯৯৬ গৰাকী উৰ্ত্তীণ হৈছে৷ তাৰে ২৮২২ গৰাকীয়ে প্ৰথম, ৫৫১৭ গৰাকীয়ে দ্বিতীয়, ২৬৫৭ গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে৷ তাৰে ৪৫৩ গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু ৯৯ গৰাকীয়ে ডিষ্টিংচন লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছ৷ 

 

হাইস্কুল শিক্ষান্ত পৰীক্ষা ডাঃ ৰণোজ পেগু