/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/uo0nj7hi/46190012911424002245548038762056373802927357n.jpg)
ডিজিটেল সংবাদ, ধেমাজি : মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰস্তাৱিত খচৰা তালিকাত অনা-মিচিং ৰাজহ গাঁৱসমূহ অন্তৰ্ভূক্ত হোৱাক লৈ বিগত ছেপ্তেম্বৰ মাহৰ আৰম্ভণিৰ পৰাই বৃহত্তৰ দক্ষিণ ধেমাজি অনা -মিচিং সুৰক্ষা সমিতিয়ে প্ৰতিবাদ কৰি আহিছে। ইয়াৰ উপৰি সংগঠনটোৰ সহযোগ আৰু ধেমাজি জিলা অনা-মিচিং জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অনা -মিচিং গাঁৱসমূহ মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ খচৰা তালিকাৰ পৰা কৰ্তনৰ দাবীত জিলা ভিত্তিক ব্যাপক আন্দোলনৰ কাৰ্য্যসূচী গঢ়ি তোলা হৈছে।
ইয়াৰ মাজতে বৃহস্পতিবাৰে বিয়লি ৩-০০ বজাত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ড° ৰনোজ পেগুৰ আহবানত ধেমাজি জিলা অনা-মিচিং জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ সৈতে মুঠ ১৭ টা অনা-মিচিং সংগঠনৰ লগত শিক্ষামন্ত্ৰীৰ সৌহাৰ্দ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ৷ এই আলোচনাত উপস্থিত থাকে- ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা অতিৰিক্ত আয়ুক্ত যাদৱ পেগু আৰু সহকাৰী আয়ুক্ত চিমা দেবী ইয়েইন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/64ltxjbm/46187810711424000212214908223764230129084777n.jpg)
উক্ত আলোচনাচক্ৰত ধেমাজি জিলা অনা-মিচিং জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতি, ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থা , চিলাপথাৰ কেন্দ্ৰীয় জনগোষ্ঠীয় সুৰক্ষা সমিতি, অনা-মিচিং ঐক্য মঞ্চ গোগামুখ , বৃহত্তৰ দক্ষিণ ধেমাজি অনা-মিচিং সুৰক্ষা সমিতি , বৃহত্তৰ মাছখোৱা অনা-মিচিং সুৰক্ষা সমিতি , অসম গোৰ্খা সন্মিলন ধেমাজি জিলা সমিতি , সদৌ অসম চুতীয়া জাতি সন্থা ধেমাজি জিলা সমিতি , সদৌ অসম চুতীয়া জাতি সন্মিলন ধেমাজি জিলা সমিতি , সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন ধেমাজি জিলা সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।
একেদৰে এই আলোচনাত সদৌ অসম বঙালী জাতীয় পৰিষদ ধেমাজি জিলা সমিতি , সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি , সদৌ অসম দেউৰী সমন্বয়ৰক্ষী সমিতি ধেমাজি জিলা সমিতি, সদৌ অসম কোচ ৰাজবংশী সন্মিলন ধেমাজি জিলা সমিতি , সদৌ অসম দেউৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি , সদৌ অসম কুমাৰ ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি, সদৌ অসম এছ চি ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ বিষয়াববীয়াসকলে আলোচনাত অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/w1swqoje/46194187411424001112214812590641145788397944n.jpg)
প্ৰায় দুই ঘণ্টা ধৰি হোৱা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত সংগঠনসমূহে দাবী কৰা দাবীসমূহ সমাধান কৰা আশ্বাস দিয়া লগতে পূৰ্বতে ২০১৩ আৰু ২০১৯ চনত হোৱা ছেটেলাইট প্ৰদ্ধতিৰ হোৱা দৰেই মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন হ'ব বুলিও অৱগত কৰে৷ অৱেশ্যে বিগত নিৰ্বাচনবোৰৰ দৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'লে অনা-মিচিং ৰাইজৰ কোনো আপত্তি নাথাকিব বুলি ইতিমধ্যে উল্লেখ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/86pgrmyv/46190012911424002245548038762056373802927357n.jpg)
ধেমাজি জিলা অনা-মিচিং জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি মণ্ডলীৰ হৈ ভবিষ্যত দিহিঙীয়া আৰু সম্পাদক মণ্ডলী হৈ সম্পাদক ৰজনী গগৈ কয় যে মন্ত্ৰী ৰনোজ পেগুৱে সভাত আলোচনাত হোৱা দৰে যদি সমস্যাবোৰ সমাধান হয় তেন্তে এই বিষয়লৈ মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত অনা-মিচিং ৰাইজৰ কোনো নাথাকিব বুলি উল্লেখ কৰে। লগতে মন্ত্ৰী পেগুৱে জিলা প্ৰশাসনৰ সাক্ষাততে কোৱা কথা আৰু কামৰ মাজত যাতে কোনো পাৰ্থক্য নাথাকে বিষয়টো মনত থাকিবলৈ সংগঠনটোৰ বিষয়ববীয়াদ্বয়ে পুনৰবাৰ মন্ত্ৰী গৰাকীলৈ আহবান জনাই সোৱঁৰাই দিয়ে ৷
Also Read: উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্ন