/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/k7dk85kq/ranoj pegu 14.jpg)
বৰদৈবাম চাহ মজদুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ডিজিটেল শ্ৰেণী কোঠা উদ্বোধন শিক্ষামন্ত্ৰী
ডিজিটেল সংবাদ ধেমাজিঃ ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱত পাঁচখন শীৰ্ষ বিদ্যালয় তালিকাত নাম সন্নিবিষ্ট হোৱা বৰদৈবাম চাহ মজদুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয় উন্নীত হ’ব চাহ বাগিছা আদৰ্শ বিদ্যালয়লৈ৷ বুধবাৰে এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/0za6kcv6/58b8646e-0ca9-485b-b711-9d240ed74ede.jpg)
বুধবাৰে বিধায়ক পুঁজিৰে নিৰ্মাণ কৰা বিদ্যালয়খনৰ নতুন শ্ৰেণী কোঠা উদ্বোধন কৰি এই ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। ১৯৮৪ চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খনৰ চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীসকলে বহু অভাৱ অভিযোগৰ মাজৰে শিক্ষাগ্ৰহণ কৰি আহিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/q0ydsytu/b9902e59-76d6-4d4f-8cc0-66561c7df0ca.jpg)
এনে অভাৱ-অভিযোগৰ মাজতে বিদ্যালয়খনে আজি লাভ কৰিলে দুটাকৈ ডিজিটেল শ্ৰেণী কোঠা ৷ এই দুয়োটা ডিজিটেল শ্ৰেণী কোঠা উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, আগন্তুক বৰ্ষৰ পৰাই এই বিদ্যালয়খনক এখন চাহ বাগিছাৰ আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰা হ'ব। ইয়াৰ ফলত ভিতৰুৱা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট লাভান্বিত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷
বিদ্যালয়খনত শিক্ষামন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ কৰা এই ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ- ছাত্ৰীসকলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/3ptp1n0o/8e83591a-c536-4899-9a23-a3e8880aa8bd.jpg)
Also Read: 'বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি নতুন প্ৰজন্মৰ বাবে হৈ পৰিব দেশপ্ৰেমৰ অনুপম উৎস'- মুখ্যমন্ত্ৰী