ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ মিউজিয়ামৰ জ্যেষ্ঠ বিষয়া ড° তাৰানাথ দুৱৰা আৰু নাই

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ মিউজিয়ামৰ জ্যেষ্ঠ বিষয়া তথা তত্বাৱধায়ক ড° তাৰানাথ দুৱৰাৰ আজি সন্ধিয়া ৬ বজাত চিকিৎসাধীন অৱস্থাত কলকতাৰ এখন চিকিৎসালয়ত মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
ড° তাৰানাথ দুৱৰা

ডিজিটেল সংবাদ, ধেমাজিঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ মিউজিয়ামৰ জ্যেষ্ঠ বিষয়া তথা তত্বাৱধায়ক ড° তাৰানাথ দুৱৰাই আজি সন্ধিয়া ৬.০০ মান বজাত চিকিৎসাধীন অৱস্থাত কলকতাৰ এখন চিকিৎসালয়ত মৃত্যু হোৱা খবৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে তেওঁৰ জন্মস্থান ধেমাজি জিলা চিচিবৰগাঁওৰ টকৌবাৰী গাঁৱতো গভীৰ শোকৰ ছা পেলাইছে। 

উল্লেখ্য যে বহু কেইমাহ ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা দুৱৰাক ডিব্ৰুগড়, হাইদৰাবাদকে ধৰি বিভিন্ন ঠাইত চিকিৎসাধীন হৈ থকাৰ মাজতে স্বাস্থ্য কিছু উন্নতি হৈছিল যদিও পুনৰ অসুখ বেছি হোৱাত পৰিয়ালে ততাতৈয়াকৈ যোৱা ১১ ফেব্ৰুৱাৰীত চিকিৎসাৰ বাবে কলকাতালৈ নিয়া হৈছিল ৷ কলকতাত দুদিন ধৰি চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি সন্ধিয়া তেওঁৰ মৃত্যু হয় ৷ 

দুৱৰা এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্য্যনিৰ্বাহক সদস্য হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিষয়া আছিল ৷ চলিত বছৰৰ শেষৰ ফালে অৱসৰগ্ৰহণ কৰিব লগীয়া ড° দুৱৰাই মৃত্যুৰ সময়ত পত্নীৰ সৈতে দুই পুত্ৰ সন্তানক এৰি গৈছে ৷ 

ডিব্ৰুগড় বিশ্ববিদ্যালয়