ধেমাজিত মহৰিকেম্প গাওঁ পঞ্চায়তত ৰনোজ পেগুৰ নিৰ্বাচনী প্ৰচাৰ সভা

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলত এইবাৰ নতুন কৈ গঠন হোৱা ৪নং গোগামুখ জিলা পৰিষদ সমষ্টিৰ অধীনৰ নতুন গাঁও পঞ্চায়ত  মহৰিকেম্পত এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৰনোজ পেগুৱে।

author-image
Tushar Pratim
New Update
ধেমাজি ৰণোজ পেগু

ডিজিটেল সংবাদ, ধেমাজিঃ অহা ২ মে'ত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণত ধেমাজি জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেইগৰাকীক জয়ী কৰাই নিয়াৰ উদ্দেশ্যে সকলো প্ৰকাৰে দিনে ৰাতিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত ৰাখিছে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলত এইবাৰ নতুন কৈ গঠন হোৱা ৪নং গোগামুখ জিলা পৰিষদ সমষ্টিৰ অধীনৰ নতুন গাঁও পঞ্চায়ত  মহৰিকেম্পত দেওবাৰে এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়৷ 

Advertisment

মণ্ডল বিজেপিৰ সভাপতি দিলীপ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে উপস্থিত থাকি ৰাইজক মিত্ৰজোঁটৰ জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী জ্যোতি প্ৰভা পেগু, পঞ্চায়তটোৰ আঞ্চলিক সদস্যা পিংকী নম দাসকে ধৰি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দি জয় যুক্ত কৰাবলৈ অনুৰোধ জনায়৷ বক্তব্যত মন্ত্ৰী ডাঃ পেগুৱে কয় যে, কেন্দ্ৰত নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ জনসাধাৰণৰ কাৰনে ইতিমধ্যে ৰাস্তা-ঘাট,  বিজুলী, পানী, খাদ্য, স্বাস্থ্য আৰু শিক্ষাকে ধৰি সকলো দিশতে সুবিধা কৰি দিছে বুলি উল্লেখ কৰে৷ 

ধেমাজিত মহৰিকেম্প গাওঁ পঞ্চায়তত ৰনোজ পেগুৰ নিৰ্বাচনী প্ৰচাৰ সভা

তেওঁ কয়, অসমৰ দুখীয়া দৰিদ্ৰ, গৃহহীন লোকৰ বাবে ইতিমধ্যে চৰকাৰে ৰাজ্যত ১৫ লাখ প্ৰধানমন্ত্ৰীৰ আবাস যোজনা গৃহ বনাই সম্পূৰ্ণ কৰি গৰাকীক চমজাই দিয়া হৈছে৷ ইয়াৰ উপৰিও আৰু ৫ লাখ ঘৰ বৰ্তমানে নিৰ্মীয়মাণ অৱস্থাত আছে৷ অৱেশ্যে তেওঁ চিকিৎসাৰ দিশত যথেষ্ট পৰিমানে চিকিৎসক দিব পৰা নাই বুলি স্বীকাৰ কৰে৷ 

ডাঃ পেগুৱে আৰু কয়, ৰাজ্যৰ ২৬ হেজাৰখন গাঁৱৰ বাবে পূৰ্বতে মাত্ৰ তিনিখন মেডিকেল কলেজহে আছিল৷এই তিনিখন মেডিকেল কলেজৰ পৰা বছৰি এশজনকৈ মাত্ৰ তিনিশ জন ডাক্তৰহে তৈয়াৰ হৈছিল। ইয়াৰে ১৫০ জনে আৰু অধিক অধ্যয়ন কৰিবলৈ বিচাৰে৷ তাৰোপৰিও ইয়াৰে ১০০ জন মানে চৰকাৰী চাকৰি কৰিবলৈ মন নকৰি প্ৰাইভেটত চিকিৎসাৰ কৰি হে ভাল পায়৷ গতিকে মাত্ৰ ৫০ জনহে চৰকাৰৰ চাকৰি কৰিবলৈ বিচৰাত চিকিৎসকৰ সংখ্যা নাটনি হৈ পৰে৷ 

সেইয়ে এই তিনিখনৰ ঠাইত মিত্ৰজোঁটৰ বিজেপি চৰকাৰে ইতিমধ্যে ১৫ খন মেডিকেল কলেজলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ অহা ২০২৬-২৭ চনত অসমত মেডিকেল কলেজৰ সংখ্যা ২৪ খনলৈ বৃদ্ধি পাব৷ ইয়াৰ বাবে চৰকাৰে চিকিৎসাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিছে৷

ধেমাজিত মহৰিকেম্প গাওঁ পঞ্চায়তত ৰনোজ পেগুৰ নিৰ্বাচনী প্ৰচাৰ সভা

ইয়াৰোপৰি অসমত উদ্যোগ নথকা বাবে অসমৰৰ গ্ৰাম্য অঞ্চলৰ বহুতো যুৱকে ৰাজ্যৰ বাহিৰত জীৱন জীৱিকাৰ কাৰনে কাম কৰি থকাটো পৰিলক্ষিত হৈছে৷ সেইবাবে মিত্ৰজোঁটৰ বিজেপি চৰকাৰে অসমত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে ইতিমধ্যে ৫ লাখ কোটি টকা বিনিয়োগৰৰ পদক্ষেপৰে উদ্যোগ স্থাপনৰ দিশে আগবাঢ়িছে মিত্ৰজোঁটৰ চৰকাৰ৷ এই উদ্যোগসমূহ গঢ়ি উঠিলে অসমৰ বহু ল’ৰা, ছোৱালীয়ে বিভিন্ন স্থানত চাকৰিৰ ব্যৱস্থা হ'ব বুলিও কয় পেগুৱে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কামকাজক সমালোচনা কৰি তেওঁ আৰু কয় কংগ্ৰেছৰ দিনৰ সাংসদ আৰু বিধায়কসকলে কেৱল চাকৰি দৰ দামেৰে বিক্ৰী কৰি লাখ লাখ টকা সংগ্ৰহ কৰি চাকৰিৰ বজাত সৃষ্টি কৰিছিল৷ মই এতিয়া শিক্ষামন্ত্ৰী হৈ ৪০ হেজাৰ শিক্ষকৰ চাকৰি নিযুক্তি দিছোঁ৷ মই কাকো চিনিও নেপাও আৰু চাকৰি নামত তামোল এখনো খোৱা নাই।

ধেমাজিত মহৰিকেম্প গাওঁ পঞ্চায়তত ৰনোজ পেগুৰ নিৰ্বাচনী প্ৰচাৰ সভা

চাকৰি প্ৰাৰ্থীসকলে নিজৰ দক্ষতা তথা পৰীক্ষাৰ নম্বৰৰ ভিত্তিতে চাকৰি পাবলৈ সক্ষম হৈছে৷ সেইয়ে এইখন বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত মানুহৰ মনত বিশ্বাস হৈছে যে চাকৰি পাবলৈ হ'লে কোনেও কাকো ধন দিব নালাগে৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মহিলাসকলৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি অসমত এতিয়া ৩০ লাখ মহিলাক বিভিন্ন আচঁনিৰ জৰিয়তে আত্মনিয়োগৰ ব্যৱস্থা কৰা হৈছে বুলি সভাত অৱগত কৰে৷ 

প্ৰসংগক্ৰমে বক্তব্যত মন্ত্ৰীগৰাকীয়ে কয় যে, অলপতে ধেমাজি জিলাৰ চিলাপথাৰলৈ মুখ্যমন্ত্ৰী আহোতে কৈ গৈছে যে ধেমাজি জিলাখনৰ মুখ্যমন্ত্ৰীৰ উদ্যমিতাৰ তালিকাভুক্ত মহিলা সকলে অহা মে' অথবা জুন মাহৰ ভিতৰত দহ হেজাৰ টকাকৈ পাব৷ ইয়াৰ উপৰিও চাকৰি নকৰা শিক্ষিত নিবনুৱা যুৱকসকলেও ব্যৱসায় বাণিজ্যৰ বাবে দুই লাখৰ পৰা পাঁচ লাখ টকা পৰ্যন্ত পাবলৈ সক্ষম হ'ব বুলিও উল্লেখ কৰে৷ নিৰ্বাচনী সভাতেই মন্ত্ৰী পেগুৱে গোৰ্খা আৰু ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ ক্ষেত্ৰত কিয় ‘ডি’ ভোটাৰৰ সমস্যাৰ সৃষ্টি হৈছে তাক লৈয়ো আশ্চৰ্য প্ৰকাশ কৰে।

ভাষণত তেওঁ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকৰ বাবে ভাৰতবৰ্ষ এখন ঘৰ হয় বুলি উল্লেখ কৰি কয় এইসকল হিন্দু লোক কেতিয়াও বিদেশী হ'ব নোৱাৰে। নেপালৰ সৈতে ভাৰতৰ চুক্তি আছে৷ সেয়ে নেপাললৈ যাবলৈ হ'লে আমাৰ কোনো ভিছা বা তেনেধৰনৰ প্ৰমান পত্ৰ নালাগে বুলি কয়৷ 
সেইবাবে চৰকাৰে এক অধিসূচনাৰ যোগে অসমত বসবাস কৰা গোৰ্খা লোকসকলক লৈ বিদেশী ন্যায়াধীকৰণত থকা গোচৰসমূহ প্ৰত্যাহৰ কৰা হৈছে। গোৰ্খা মানুহ কেতিয়াও ডি-ভোটাৰ হ'ব নোৱাৰে বুলি উল্লেখ কৰে তেওঁ। 

আহাতেদি ভাষণত এন এইচ পি চিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, এন এইচ পি চিয়ে কেৱল বিদ্যুতৰ কাৰনে নহয় সমগ্ৰ নামনি সোৱণশিৰি অঞ্চলতেই ৰাইজৰ উন্নয়নৰ কাৰনে ৩০০ কোটি টকাৰ কামকাজ কৰি আছে। উক্ত কামৰ সুবিধা সমূহ গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বানো জনায়৷

ইয়াৰ উপৰিও ধেমাজি জিলাত এটা নতুন ৰাস্তা চাউল ধোৱা নদী পাৰহৈ সোণাপুৰ মহৰিকেম্প হৈ বৰলা আৰু লিকাবালিলৈ নিৰ্মানৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি সভাতেই ৰাইজক অৱগত কৰে৷ সভাত গোগামুখ জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰভা পেগুৱে চমু বক্তব্য ৰাখি ৰাইজৰ পৰা ভোট ভিক্ষা কৰে৷ সভাত কংগ্ৰেছকে ধৰি অন্যান্য দলৰ ১২ গৰাকী লোকে বিজেপিত যোগদান কৰে৷

পঞ্চায়ত নিৰ্বাচন ডাঃ ৰনোজ পেগু