ডিজিটেল সংবাদ চিলাপথাৰঃ আজি ৰাজ্যৰ ৩৭ খন বিধানসভা সমষ্টি ভিত্তিত 'প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা'ৰ অধীনত বিতৰণ কৰা হয় নতুন ৰেচন কাৰ্ড। আন প্ৰান্তৰ দৰে চিলাপথাৰস্থিত দঞি-পঃল কমপ্লেক্সতো ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টি ভিত্তিত হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় ৰেচন কাৰ্ড।
সমষ্টিটোৰ ২২ খন গাঁৱ পঞ্চায়তৰ প্ৰায় ৩৩ হেজাৰ লোকে আবেদন কৰিছিল ৰেচন কাৰ্ডৰ বাবে। তাৰে উপযুক্ত হিতাধিকাৰী হিচাপে চিহ্নিত কৰা প্ৰায় ১৩,৪৫৫ গৰাকী হিতাধিকাৰীক আজি দঞি-পঃল কমপ্লেক্সত ৰেচন কাৰ্ড বিতৰণ কৰে লখিমপুৰ সাংসদ প্ৰদান বৰুৱাই।
জিলা অতিৰিক্ত আয়ুক্ত ড০ সঞ্জীৱ কুমাৰ ফুকনৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত বহু গণ্যমান্য লোক উপস্থিত থাকে। অনুষ্ঠানতে স্থানীয় উদীয়মান কণ্ঠশিল্পী কৃষ্ণা শইকীয়াই পৰিবেশন কৰা গীতে জীপাল কৰি তোলে এই অনুষ্ঠান।