ধেমাজি ষ্টেডিয়ামত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ...

ধেমাজি ষ্টেডিয়ামত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ...
ধেমাজি ষ্টেডিয়ামত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ...

ডিজিটেল সংবাদ ধেমাজিঃ অসম চৰকাৰৰ শিক্ষা বিভাগৰ জ্ঞান আহৰণ আচঁনিৰ অধীনত ধেমাজি জিলা প্ৰশাসনৰ সহযোগত শুকুৰবাৰে ধেমাজি ষ্টেডিয়াম খেলপথাৰত জিলাখনৰ ১০,৬৬৬ গৰাকী নৱম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে চাইকেল বিতৰণৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্হাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে

এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোৱঁৰ, ধেমাজি আৰু চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী ক্ৰমে দ্বীপৰেখা দাস বাঘ্ৰী আৰু লাৱন্য পাইট দলে , অসম চৰকাৰৰ অনুসূচিত জাতি উন্নয়ন পৰিষদৰ উপ-সভাপতি লক্ষীধৰ শেনচোৱা , ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত আৰু ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী৷ সভাৰ আৰম্ভণিতে আদৰণি ভাষন দিয়ে ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে ৷

ধেমাজি ষ্টেডিয়ামত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ...
অমৃত কালত এখন দলঙে জ্বলা-কলা খুৱাইছে নাগৰিকক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in