/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d41a57d6-ecd8-43fa-90da-511898d1de01/9.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু ধেমাজি অসামৰিক চিকিৎসালয়ৰ সহযোগত বুধবাৰৰ পৰা অহা ২০ ছেপ্তেম্বৰ পৰ্যন্ত অনুষ্ঠিত হ'বলগা স্বাস্থ্য বিভাগৰ ডায়েৰীয়া প্ৰতিৰোধ অভিযান ২০২৪ৰ শুভাৰম্ভণি অনুষ্ঠানটি অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি ধেমাজি অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনত স্থাপিত হোৱা অ .আৰ .এছ আৰু জিংক কক্ষৰ শুভ উদ্ধোধন কৰে ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত ৰশ্মি প্ৰতাপে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7b859f88-f5e2-44b5-bf25-b695c7721613/3f35377e-94d8-460d-b10f-9bd70b2fbef0.jpg)
এই উপলক্ষে অনুষ্ঠিত সজাগতা সভাৰ সভাপতিত্ব কৰে ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কিশোৰ কামানে ৷ সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা স্বাস্থ্য বিভাগৰ প্ৰচাৰ মাধ্যমৰ বিষয়া ড° অচ্যুত গগৈয়ে ৷ সভাত আদৰণি ভাষণ দিয়ে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁইয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fb86fa56-c137-4cb2-b871-02c43899075d/0bb1bc39-30e8-4d43-927a-611a5368195b.jpg)
সজাগতা সভাত ডায়েৰীয়া প্ৰতিৰোধ অভিযান ২০২৪ৰ সম্পৰ্কে বিতংকৈ বক্তব্য ৰাখে জিলা স্বাস্থ্য বিভাগৰ নডেল বিষয়া ডাঃ খগেন দলেয়ে ৷ সভাত উপস্থিত থকা জিলা অতিৰিক্ত আয়ুক্ত ৰশ্মি প্ৰতাপে বক্তব্যত স্বাস্থ্য বিভাগৰ সকলো চিকিৎসক,নাৰ্চ , আশা কৰ্মী আৰু অঙ্গণবাড়ী কৰ্মী সকলেও এই চিকিৎসা কাৰ্য্যত সেৱা আগবঢ়াই অভিযানটি সফল কৰি তুলিবলৈ অতিৰিক্ত আয়ুক্ত গৰাকীয়ে সকলোকে আহবান জনায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fdbf8979-5a81-492c-915e-80c9743204a2/48e65b8c-9856-42e2-9ea4-51a739f340cc.jpg)
সভাত জিলা স্বাস্থ্য বিভাগৰ বিষয়া ডাঃ যোগেন দাসেও ডায়েৰীয়া অভিযানৰ সম্পৰ্কে বক্তব্য ৰাখে ৷ সভাত ধেমাজি অসামৰিক চিকিৎসালয়ৰ উপ- অধীক্ষক ডাঃ বিনোদ বৰা ,ধেমাজি জিলা শিক্ষা বিষয়া বিভাগৰ প্ৰতিনিধি মহেন্দ্ৰ শৰ্মাৰ লগতে অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী ,জি এন এম ট্ৰেইটিং ছাত্ৰ-ছাত্ৰী আৰু স্হানীয় ৰাইজ উপস্থিত থাকে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cac6bcdc-3f73-4614-9cd6-184e843006df/71a3bcf6-4f9a-44eb-98f6-8dd5c4faeeea.jpg)