ধেমাজিত মাধৱ কলাসত্ৰ লোক সংগীত যাত্ৰা...

ধেমাজিত মাধৱ কলাসত্ৰ লোক সংগীত যাত্ৰা...

author-image
Asomiya Pratidin
New Update
ধেমাজিত মাধৱ কলাসত্ৰ লোক সংগীত যাত্ৰা...

ডিজিটেল সংবাদ, ধেমাজি : লোক সঙ্গীতত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক তথা অনাতাঁৰ শিল্পী প্ৰয়াত ড০ ডলি দাসৰ পুত্ৰ মাধৱ কৃষ্ণ দাসে ৰাজ্যৰ গাঁৱে-ভূৱে, চহৰে-নগৰে থকা প্ৰতিভাসম্পন্ন লোক সংঙ্গীতৰ গায়কসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস অৱ্যাহত ৰাখিছে। লগতে অসমৰ থলুৱা কৃষ্টি তথা লোক সংগীত ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে কেতবোৰ পদক্ষেপ হাতত লৈছে।

Advertisment

এই লক্ষ্য আৰু উদ্দেশ্যে আগতলৈ মাধৱ কলাসত্ৰ লোক সংগীত যাত্ৰা নামাৰে আৰম্ভ কৰা যাত্ৰাই মঙ্গলবাৰে ধেমাজি জিলাত উপস্থিত হয়৷ অসমৰ ডিব্ৰুগড় জিলাৰ পৰা শুভাৰম্ভ কৰা এই যাত্ৰাই মঙ্গলবাৰে বিয়লি ৫ বজাত ধেমাজিৰ পাব্লিক বাছ আস্থানত কাৰ্য্যসূচী অনুষ্ঠিত কৰে ৷

ধেমাজিৰ বিশিষ্ট কণ্ঠশিল্পী ৰূপজ্যোতি দত্তৰ উদ্যোগত অনুষ্ঠিত এই যাত্ৰাত বহু সংখ্যক প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি লোক সংগীত পৰিৱেশন কৰে৷ ৰূপজ্যোতি দত্তই পৰিচালনা কৰা অনুষ্ঠানৰ পূৰ্বে আইদেউ সন্দিকৈ বঁটাপ্ৰাপক লোকশ্ৰী বিমলা গগৈ গোহাঁইয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ৷

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দিব্য গগৈকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু ৰাইজে উপস্থিত থাকে ৷

Also Read: নিশ্চিহ্ন হ'ব সোৱণশিৰী ৰাজহ চক্ৰ...

Folk Music FOLK SONG