/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c8175f4e-67c3-49ec-a6bb-2320491d2a94/16.jpg)
ডিজিটেল সংবাদ,ধেমাজি : এসময়ত কংগ্ৰেছ দলৰ অভেদ্য দুৰ্গ স্বৰূপ ধেমাজিত পুনৰ যেন শক্তিশালী ৰূপত সংগঠিত হৈ সক্ৰিয় হৈ উঠিছে কংগ্ৰেছ দল ৷ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেইৰ আনম মজুমদাৰ উপস্থিতিত থকা য়ুথ জোড়ো যাত্ৰাত শনিবাৰে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সহস্ৰাধিক যুৱ কংগ্ৰেছীয়ে অংশ গ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/788fcfdc-42dc-485c-a89f-01571999cf2d/45881e37_edbd_4e84_a6db_0d3a2128efd2.jpg)
শাসনত নেথাকিলেও ব্যাপক সংখ্যক লোকৰ উপস্থিতিয়ে অনাগত দিনত ধেমাজিত কংগ্ৰেছ দলৰ ভেটি এতিয়াও শক্তিশালী হৈ থকাৰ প্ৰমাণ দিয়ে বুলি মন্তব্য কৰি আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ আটাইকেইখন আসন সন্মিলিত বিৰোধীয়ে দখল কৰিব মন্তব্য কৰে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/bd8038ee-a55f-425e-8089-157eec6d3905/49e4d021_97dc_4529_8fdd_9c9656152c82.jpg)
যাত্ৰাৰ কাৰ্য্যসূচীৰ অন্তত জিলা কংগ্ৰেছৰ কাৰ্য্যালয় ইন্দিৰা ভৱনত এখনি সভা অনুষ্ঠিত কৰে ৷ সভাত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ প্ৰমুখ্যে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ডেভিদ ফুকন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ দুৱৰা, অসম প্ৰদেশ কংগ্ৰেছৰ অ বি চি চেলৰ সভাপতি তথা অধিবক্তা যুগল বুঢ়াগোহাঁই, ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সভাপতি কৃষ্ণ কুলি, ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বৰগোহাঁইকে ধৰি জিলা আৰু প্ৰদেশ কংগ্ৰেছৰ বহু কেইগৰাকী বিষয়ববীয়াই উপস্থিত থাকি বিজেপি চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে ক্ষোৰধাৰ সমালোচনা কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7ba4cf93-e16b-466b-ab71-b24f7c5cc161/3e08463b_18d9_4d15_9022_3fbf605b2f48.jpg)
Also Read: কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত