অৰুণাচলত উদ্ধাৰ ধেমাজিৰ দুই শিক্ষাৰ্থীৰ উৱলি যোৱা মৃতদেহ চমজাই দিলে পৰিয়ালক

অসম, অৰুণাচলৰ সীমান্তবৰ্তী লিকাবালি আৰক্ষী থানাৰ অন্তৰ্গত মিজিৰ কাচ্চাত সোমবাৰে অৰুণাচল আৰু ধেমাজিৰ আৰক্ষীয়ে যুটীয়াভাৱে উদ্ধাৰ কৰিছিল ধেমাজিৰ দুই শিক্ষাৰ্থীৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
অৰুণাচলত উদ্ধাৰ ধেমাজিৰ দুই শিক্ষাৰ্থীৰ উৱলি যোৱা মৃতদেহ চমজাই দিলে পৰিয়ালক

ডিজিটিল সংবাদ,ধেমাজিঃ অসম, অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী এলেকাৰ লিকাবালি আৰক্ষী থানাৰ অন্তৰ্গত মিজিৰ কাচ্চা নামে ঠাইত সোমবাৰে অৰুণাচল আৰু ধেমাজিৰ আৰক্ষীয়ে যুটীয়াভাৱে উদ্ধাৰ কৰিছিল ধেমাজিৰ দুই শিক্ষাৰ্থীৰ মৃতদেহ। উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা এই দুই শিক্ষাৰ্থী যোৱা ২০ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল।  

Advertisment

আৰক্ষী সূত্ৰে জানিব পৰামতে যোৱা ২০  জানুৱাৰী পুৱাই নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে ঘৰৰ পৰা উলাই গৈছিল বিদ্যালয়ৰ গুনোৎসৱলৈ বুলি। অন্যহাতে মৰিধল মহাবিদ্যালয়ত স্নাতক মহলাৰ প্ৰথম বৰ্ষত অধ্যয়নৰ জিতু গগৈ নামৰ ছাত্ৰ জনো ঘৰৰ ওচৰৰ দোকানৰ পৰা বিয়ালৈ উপহাৰ আনিবলৈ গৈছিল ৷

এক সূত্ৰই প্ৰকাশ কৰামতে দুয়োৱে সুবাহী চাৰিআলিত লগ হৈ একেলগে গৈ থকাও ৰাইজে প্ৰত্যক্ষ কৰিছিল। ঘটনাক্ৰমে দুয়োটা পৰিয়ালে দুয়োকে অৰুণাচলৰ জংঘলৰ ফালে যোৱা বুলি সন্দেহ কৰি পৰিয়াল লোকে বিচাৰি চালাথ কৰিও কোনো সন্ধান উলিয়াব নোৱাৰি শেষত ধেমাজি সদৰ আৰক্ষী থানাত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে নিৰুদ্দেশৰ এখন এজাহাৰ দাখিল কৰে।

পিছত ধেমাজি আৰক্ষীয়ে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি তদন্ত অব্যাহত ৰাখিছিল ৷ পৰিবৰ্তী সময়ত আৰক্ষী আৰু ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে দিনে নিশাই অসম অৰুণাচলৰ সীমান্তত তদন্তৰ সন্ধানত আছিল।

সোমবাৰে হঠাতে দাতিকাষৰীয়া অঞ্চলটোৰ মিছিং গাওঁখনৰ এহাল দম্পতীয়ে অৰুণাচলৰ পাহাৰলৈ খৰি কাটিবলৈ যাওঁতেহে দুই শিক্ষাৰ্থীৰ উৱলি যোৱা উলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে। তাৰ পাছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহে। শিক্ষাৰ্থী দুজনকৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে স্কুলৰ বেগ।

গাওঁবাসী একাংশ ৰাইজে দুই শিক্ষাৰ্থীয়ে প্ৰেমজনিত কাৰণতে আত্মহনন কৰা বুলি সন্দেহ কৰিছে যদিও আন  একাংশ লোকে এয়া এক হত্যা কাণ্ডও হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ ঘটনাৰ স্থান ইতিমধ্যে অৰুণাচলৰ  লিকাবালি আৰক্ষী থানাৰ অধীনত হোৱা বাবে ধেমাজি আৰক্ষীয়ে বিষয়টো তদন্তৰ সবিশেষ অবগত কৰা নাই৷

তথ্যমতে অৰুণাচলৰ আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰা মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত দুয়ো পৰিয়ালকে চমজাই দিছে ৷ অৱেশ্যে অৰুণাচলৰ লিকাবালি আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত এইয়া আত্মহনন বুলিয়ে জানিবলৈ দিছে যদিও মৰোত্তোৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে প্ৰকৃত ঘটনা 
পোহৰলৈ আহিব বুলি অবগত কৰে ৷

আত্মহত্যা অৰুণাচল