/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f9e70714-c18c-4c42-a286-7bd61b22dcc3/dgfg.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতা শনিবাৰৰলৈকে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১১খন মহাবিদ্যালয়ৰ প্ৰায় তিনি কুৰি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। টেবুল টেনিছ প্ৰতিযোগিতাখন ল'ৰা আৰু ছোৱালী এই দুটা শাখাত একক আৰু দলীয়ভাৱে অনুষ্ঠিত কৰা হয়।
প্ৰতিযোগিতাখন উদ্বোধন কৰে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে। মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত খেলৰ গুৰুত্বপূৰ্ণ ভূমিকা বিষয়ে উল্লেখ কৰি খেলত জয় পৰাজয়তকৈ এনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোহে গুৰুত্বপূৰ্ণ বিষয় বুলি বক্তব্য প্ৰদানেৰে জিলা আয়ুক্ত গৰাকীয়ে প্ৰতিযোগিসকলক শুভেচ্ছা জনায়। উদ্বোধনী অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে ।
ধেমাজি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দিগন্ত হাজৰিকাই অনুষ্ঠানটোৰ আঁত ধৰে। উদ্বোধনী অনুষ্ঠানটোত ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, ধেমাজি মহাবিদ্যালয়ৰ উপাধ্যক্ষ দ্বিপেন কাকতি, প্ৰতিযোগিতাখনৰ সমন্বয়ক ড° ভাস্কৰজ্যোতি শৰ্মা আৰু ধেমাজি মহাবিদ্যালয়ৰ লগতে অন্যান্য বহুকেইখন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷
শনিবাৰে প্ৰতিযোগিতাখনৰ শেষৰ দিনা চূড়ান্ত খেলখনৰ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই।প্ৰতিযোগিতাখনৰ ল'ৰাৰ একক শাখাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ চৰফৰাজ হুছেইন বৰাই, দ্বিতীয় স্থান লাভ কৰে দুলীয়াজান মহাবিদ্যালয়ৰ দিংকু জ্যোতি গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সমীৰ ৱাজবীৰ ৰহমানে।
পুৰুষৰ দলীয় শাখাত প্ৰথম স্থান লাভ কৰে দুলীয়াজান মহাবিদ্যালয়ে, দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰে। অন্যহাতে ছোৱালীৰ একক শাখাত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ দেৱৰচনা পৰাশৰে প্ৰথম, আকাংক্ষা বৰপূজাৰীয়ে দ্বিতীয় আৰু ছানিয়া আহমেদে তৃতীয় স্থান লাভ কৰে। ছোৱালীৰ দলীয় শাখাত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে প্ৰথম,ডি.এইছ.এছ.কে কৰ্মাছ কলেজে দ্বিতীয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলটোৱে তৃতীয় স্থান অধিকাৰ কৰে।দুদিনীয়াকৈ অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাখনৰ অন্তত বঁটা বিতৰণ কৰা হয়।
Also Read: ভাৰতীয় বায়ু সেনাৰ বাবে ঐতিহাসিক দিনঃ লাভ কৰি নতুন পতাকা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us