ধেমাজি আৰক্ষীক চেলেঞ্জ ডকাইতৰঃ দিন দুপৰতে লুটি নিলে ৪ লাখ ৬০ হাজাৰ টকা

ধেমাজি আৰক্ষীক চেলেঞ্জ ডকাইতৰঃ দিন দুপৰতে লুটি নিলে ৪ লাখ ৬০ হাজাৰ টকা

author-image
Asomiya Pratidin
New Update
ধেমাজি আৰক্ষীক চেলেঞ্জ ডকাইতৰঃ দিন দুপৰতে লুটি নিলে ৪ লাখ ৬০ হাজাৰ টকা

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি চাৰিআলিৰ জিলা পশু চিকিৎসা কাৰ্য্যালয়ৰ সন্মুখত দিন ডকাইতিৰ ঘটনা সংঘটিত হয়। মঙলবাৰে হুণ্ডাই বাহনৰ গ্লাছ ভাঙি নগদ ৪ লাখ ৬০ হাজাৰ টকা লৈ উধাও হয় দুৰ্বৃত্ত। এই ঘটনাই ধেমাজি নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

উল্লেখ্য যে ধেমাজি নগৰৰ প্ৰাণদ্বীপ ভূঞা নামৰ যুবক জনে নগৰৰ এচ বি আই বেংকত টকাখিনি জমা দিবলৈ আহিছিল ৷ যুৱকজনে অলপ সময়ৰ বাবে গাড়ীখন ৰাখি বজাৰ কৰিবলৈ যাওঁতেই এটি ৩ জনীয়া দুৰ্বৃত্ত দলে গাড়ীৰ গ্লাছ ভাঙি ধন লৈ উধাও হয়।ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে সমীপৰ দোকানৰ পৰা চিচি টিভিৰ ফোটেজ সংগ্ৰহ কৰিছে যদিও এতিয়ালৈকে ডকাইতৰ দলটোৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷ চিচি টিভিৰ ফোটেজৰ তথ্য অনুসৰি তিনি জনীয়া দলটোৰ এজনে টুপী পিন্ধি অহা উপৰিও আন এজনে হাতত এটি বেগ লৈ আহিছিল ৷ উল্লেখ্য যে, দিন দুপৰতে সংঘটিত এই ঘটনাই সমগ্ৰ ধেমাজীবাসীক আচম্বিত কৰি তুলিছে ৷

Also Read: ৰঙিয়াত আটকাধীন প্ৰৱঞ্চকক মুকলি কৰি দিলে আৰক্ষীয়ে...

dhemaji robbery robbery