ধেমাজিৰ বৰদলনিত ভয়ংকৰ পথ দুৰ্ঘটনা...

ধেমাজিৰ বৰদলনিত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ বৰদলনি আৰক্ষী চকীৰ অন্তৰ্গত শিঙিজানত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ মালবাহী ট্ৰাক আৰু এখন এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন ৷

আনহাতে গুৰুতৰভাৱে আহত এজনক সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ ডিব্ৰুগড়ৰ পৰা লখিমপুৰ অভিমুখী এএচ-০৭-বিচি-৬২৭৭ নম্বৰৰ এম্বুলেন্সখন ধেমাজি অভিমুখী এএচ-১২-বিচি-৫২১১ নম্বৰৰ ট্ৰাকখনৰ মাজত সংঘটিত হয় এই মুখামুখি সংঘৰ্ষ।

সংঘৰ্ষৰ ফলত এজনৰ থিতাতে মৃত্যু হোৱা যুৱকজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই। আনহাতে গুৰুত্বভাৱে আহত লোকজন লখিমপুৰ জিলাৰ ২ নং চাৱতিৰ বুলি জানিব পৰা গৈছে ।

ধেমাজিৰ বৰদলনিত ভয়ংকৰ পথ দুৰ্ঘটনা...
চচল শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ত প্ৰয়াত ৰূপেশ্বৰ পাটৰৰ স্মৃতি চাৰণ সভা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in