ডিজিটেল সংবাদ, ধেমাজিঃ সাহ্যিতিক পেঞ্চনাৰ, জ্যেষ্ঠ সাংবাদিক তথা ধেমাজিৰ ৰত্ন উমেশ চেতিয়াৰ ন্যাস পুঁজি সমিতিৰ উদ্যোগত ধেমাজিবাসীৰ সহযোগত আৰু পৰিয়ালৰ আতিথ্যত বৃহস্পতিবাৰে ৰতনপুৰৰ বাসগৃত উমেশ চেতিয়াৰ ৮৯ সংখ্যক ওপজা দিনৰ ওলগ আৰু শুভেচ্ছাৰ অনুষ্ঠানটি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত উদযাপন কৰা হয়। উমেশ চেতিয়া ন্যাস পুঁজিৰ সভাপতি তথা গৱেষক, চিত্ৰ শিল্পী ড° পুষ্প গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ওপজা দিনৰ ওলগ অনুষ্ঠানৰ আঁত ধৰে সম্পাদক ড° অচ্যুত গগৈয়ে ৷
ধেমাজিৰ বিভিন্ন দল সংগঠন , শিক্ষাবিদ, অনুৰাগীৰ উপস্থিতত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আৰম্ভণিতে দুই শিক্ষাবিদ ড° বনজিত ভট্ট আৰু ড° শংকৰ পাটোৱাৰীয়ে পৰিৱেশন কৰা একোটিকৈ গীতিৰে সভাৰ শুভাৰম্ভণী কৰে ৷ সাহিত্যিক পেঞ্চনাৰ, জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়াক গামোচা, চেলেং, মানপত্ৰ, শৰাই, জাপি আৰু বিভিন্ন গ্ৰন্থ আদিৰে জন্ম দিনৰ শুভেচ্ছা জনায় ৷
১৯৩৭ চনৰ ২ জানুৱাৰীত ধেমাজি জিলাৰ গোৱাল চাপৰি গাৱঁত জন্ম গ্ৰহন কৰা উমেশ চেতিয়াই সৰুৰে পৰা সাহিত্য চৰ্চাত মনোনিবেশ কৰি অহা চেতিয়াই ১৯৬১ চনত ধেমাজি উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাছত ১৯৬৫ চনত ঐতিহ্যমণ্ডিত ৰংপুৰত থকা শিৱসাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ ১৯৬৭ চনত নতুন অসমীয়া নামৰ দৈনিক কাকতখনতেই চেতিয়াই সাংবাদিকতাৰ আৰম্ভ কৰা পৰবৰ্তী সময়ত ধেমাজিৰ পৰা ক্ৰমে দৈনিক অসম, সাপ্তাহিক নীলাচল, দৈনিক জনমভূমি, আজিৰ অসম, ন-লখিমী, সপ্তাহিক পূৰ্বাচল আদি কাকতত বা-বাতৰি লেখামেলা কৰি আহিছে ৷
৫০০ ৰো অধিক প্ৰবন্ধ লিখাৰ কৃতিত্বৰ অধিকাৰী উমেশ চেতিয়াই জীৱন জেউতি, স্বাধীনতা সংগ্ৰামত ধেমাজি, আমাৰ অসম, ছাঁ-পোহৰৰ জিলিঙনি, অশ্ৰু-অঞ্জলী, সুৱাগমনি, চতুৰংগীখোজৰ শব্দ, বৰণীয়া আহোমৰ স্মৰনীয় অৱদান, ড° লীলা গগৈ কৃৰ্তি আৰু কৃতিত্ব, ধেমাজিৰ সমাজ সংস্কৃতি, কুৰি শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া, জগত গুৰু শংকৰদেৱৰ, চেতিয়া বংশাৱলী, ধেমাজি জেউতী, সাহিত্য ৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী, অসমৰ লোকসংস্কৃতিৰ ৰূপৰেখা, ব্যক্তি আৰু ব্যক্তিত্ব, ধেমাজিৰ বুৰঞ্জী, সাহিত্য আৰু অসমীয়া সাহিত্য, ধেমাজি জিলাৰ গ্ৰন্থপঞ্জী, মিচিং মিগাং, সন্তানক কেনেকৈ মানুহ কৰিব, সুন্দৰৰ সাধক মহান শিল্পীসকল, আহোম বুৰঞ্জী আৰু সংস্কৃতি , পত্ৰ লেখা, ধেমাজিৰ পৰিচয়, ধৰ্মপ্ৰাণ ব্যক্তি গংগাধৰ বৰুৱা আৰু অসমৰ সংবাদ পত্ৰ আৰু সাংবাদিকতা আদিকে ধৰি মূল্যবান ২৮ খন গ্ৰন্থ লিখি ধেমাজিৰ লগতে অসমৰ সাহিত্যৰ ভৰাঁল চহকী কৰিছে ৷
বৃহস্পতিবাৰে তেখেতৰ ওপজা দিনৰ ওলগ অনুষ্ঠানত ৮৯ বছৰীয়া কেক কাটি নিজৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰি বিভিন্ন ঘাত-প্ৰতিঘাটৰ মাজেৰে জীৱনৰ ৮৮ বৰ্ষ অতিক্ৰম কৰি ৮৯ বছৰত ভৰি দিয়া
চেতিয়াই সংবাদ-মাধ্যম, সাহিত্য সংস্কৃতিৰ, সমাজ সেৱাৰ ইত্যাদি বিষয়ে দল- সংগঠনৰ আগত বৰ্নিল জীৱনৰ কাৰ্য ক্ৰমণিকাৰ সম্পৰ্কে বৰ্ননা কৰে ৷
সভাত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱা, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিত ভট্ট, অধ্যাপক ড° শংকৰ পাটোৱাৰী, হাস্যব্যংগ আলোচনী ভাকুটকুটৰ সম্পাদক বিমল ৰাজখোৱা, ধেমাজিৰ বিশিষ্ট নাট্যকাৰ তথা শিক্ষাবিদ বলীন বৰগোহাঞি, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ গগৈ, অসমীয়া দৈনিক কাকতৰ কাৰ্য্যবাহী সম্পাদক ডিম্পুল চুতীয়া, অসম সাহিত্য সভাৰ ডিজিটেল সংস্কৰনৰ আহ্বায়ক ৰনজিত চিৰিং, অসম সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ কাৰ্যকৰী সভাপতি উষা বৰগোহাঁই, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, সম্পাদক প্ৰদুম্ন্য ভৰালী, সাংবাদিক অসীম দত্ত, দ্বীপেন ভিতৰোৱাল কোঁৱৰ,মনবিকাশ বৰগোহাঁই, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, ধেমাজি শাখা সাহিত্য সভাৰ সভাপতি ড° লক্ষী বৰগোহাঁই, জেষ্ঠ্য সাংবাদিক বীৰেন কুমাৰ কোঁৱৰ, সমাজকৰ্মী তথা শিক্ষক পবিত্ৰ বৰগোহাঁই, বিশিষ্ট মহিলা নেত্ৰী বিনীতা চৌধুৰী গাৰোডিয়া, ধেমাজি জিলা মহিলা সমিতিৰ সভানেত্ৰী নিৰমা বৰুৱা, বিশিষ্ট সাহিত্যিক পুষ্পা চুতীয়া, দেৱজ্যোতি বৰগোহাঁই , কৰবী দেউৰী, দিব্য গগৈ , জিলা সাংবাদিক সংস্হাৰ সাধাৰণ জীৱন কোঁৱৰ, নক্সাৰ যুগল সন্দিকৈ আদি উপস্থিত থাকি ধেমাজিৰ মহীৰূহ তথা আধুনিক ধেমাজিৰ নিৰ্মাতা উমেশ চেতিয়াৰ জীৱন আৰু কৰ্মৰাজীৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷
ধেমাজিৰ নক্সাই প্ৰকাশ কৰা ড° নৱ কুমাৰ চমুৱাৰ সম্পাদনাত প্ৰকাশিত উমেশ চেতিয়াৰ সমগ্ৰ ৰচনাৱলীৰ প্ৰথম খণ্ডটো আজি উন্মোচন কৰা হয় ৷ অনুষ্ঠানত এইবাৰ উমেশ চেতিয়াৰ ন্যাসে
আগবঢ়োৱা যুৱ সাহিত্য বঁটা লাভ কৰে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ সহযোগী অধ্যাপক তথা বিশিষ্ট লিখক ড° নৱ কুমাৰ চমুৱাই। অনুষ্ঠানতে বটাঁপাপক ড° চমুৱাক উদ্যোগতাসকলে প্ৰদান কৰে ৷ বঁটা গ্ৰহন কৰি
বক্তব্যত ড° চমুৱাই কয় যে যি জন মানুহৰ অনুপ্ৰেৰণাৰ বাবেই আজি মই নিজকে চিনাকি দিবলৈ সক্ষম হৈছো তেনেজন ব্যক্তিৰ ন্যাসৰ সন্মান পাই নিজকে ধন্য হৈছো।
উল্লেখ্য যে অধ্যাপক, বিশিষ্ট লিখক ড° নৱ কুমাৰ চমুৱাই বিগত দিনত অসম চৰকাৰে তেওঁক আগবঢ়োৱা পঞ্চাশ হেজাৰ টকা আৰু অসম সাহিত্য সভাই দিয়া সন্মানকো তেওঁ উভতাই দিছিল ৷