৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ধেমাজি জনজাতি জিৰণি চ'ৰাৰ শুভ উদ্বোধন

অসম চৰকাৰৰ অনুসূচিত জাতিৰ পৰিচালন সঞ্চালক বিভাগৰ অধীনত ৩ কোটি টকা ব্যয় সাপেক্ষে ধেমাজি নগৰৰ ২ নং ৱাৰ্ডত নিৰ্মাণ কৰা ধেমাজি জনজাতি জিৰণি চ'ৰাৰ নতুন গৃহৰ শুভ উদ্বোধন।

author-image
Tushar Pratim
New Update
৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ধেমাজি জনজাতি জিৰণি চ'ৰা গৃহৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ, ধেমাজিঃ অসম চৰকাৰৰ অনুসূচিত জাতিৰ পৰিচালন সঞ্চালক বিভাগৰ অধীনত ৩ কোটি টকা ব্যয় সাপেক্ষে ধেমাজি নগৰৰ ২ নং ৱাৰ্ডত নিৰ্মাণ কৰি উলিওৱা ধেমাজি জনজাতি জিৰণি চ'ৰাৰ নতুন গৃহটি সোমবাৰে অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে আনুষ্ঠানিকভাৱে ফিটা কাটি শুভ উদ্বোধন কৰে ৷

Advertisment

এই উপলক্ষে অনুষ্ঠিত হোৱা শুভ উদ্বোধনী সভাত মন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ বক্তব্যত কয় যে ধেমাজি জনজাতি জিৰণি চ'ৰা গৃহটি পুৰণি হৈ যোৱাত নতুনকৈ চৰকাৰৰ  জনজাতি আৱন্টিত ধনেৰে পুনৰ নিৰ্মাণ কৰা হৈছে৷ এই নতুন ঘৰটোৰ জৰিয়তে ধেমাজিৰ ৰাইজৰ বাবে বিভিন্ন দিশত সুবিধা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ 

প্ৰসংগক্ৰমে তেওঁ বক্তব্যত  কয়, অসমৰ  বিভিন্ন জিলাত ইতিমধ্যে থকা অসমৰ জনজাতি জিৰণি ঘৰসমূহ পুৰণি হৈ উৱলি গৈছে৷ সেয়ে চৰকাৰে ৰাজ্যৰ প্ৰত্যেকখন জিলাতে একোটাকৈ জনজাতি জিৰনী গৃহ নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে৷ 

এই আচঁনিৰ মৰ্মে ধেমাজিতো এটা নতুন গৃহ নিৰ্মান কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ সভাত ধেমাজি সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি জীৱন পায়েং, জনজাতি মহকুমাৰ কল্যাণ ব’ৰ্ডৰ সভাপতি মহন্ত নৰহ, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, ধেমাজি ট্ৰাইবেল সংঘৰ সভাপতি দেৱ কছাৰী, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ জীয়াঢল সমষ্টিৰ প্ৰাক্তন সদস্য বানীকান্ত দলে, ধেমাজি মহকুমা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ সভাপতি কবিৰাম বৰা, ধেমাজি-১  জিলা পৰিষদৰ সদস্য লক্ষীধৰ শেনচোৱা আৰু ধেমাজি মহকুমাৰ অন্যান্য পিছপৰা উন্নয়ন ব’ৰ্ডৰ সভাপতি পবিত্ৰ গগৈ উপস্থিত থাকে৷

ডাঃ ৰণোজ পেগু