সাংবাদিকক আক্ৰমণৰ ন্যায় প্ৰদানৰ দাবীত ধেমাজিত প্ৰতিবাদত বহিল দল সংগঠন...

ডিমৌ গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন আৰু শপত গ্ৰহণ কাৰ্য চলি থকা অৱস্থাতে টি এম পি কেৰ ২৫ জনীয়া এটা দুবৃৰ্ত্তৰ দলে এটা ব্যক্তিগত চেনেলৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণ কৰিছিল

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধেমাজি:  মঙলবাৰে ধেমাজি কঁপাই তুলিলে জাতীয় দল সংগঠন আৰু কাকত গোষ্ঠীৰ সাংবাদিকৰ লগতে বিভিন্ন সাংবাদিক সংগঠনে । পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত প্ৰতিবাদত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় যে, ধেমাজি আৰু উত্তৰ অসমত এটা অপপ্ৰচাৰ চলোৱা হৈছে যে আমি কোনো বিশেষ সংগঠনৰ লগত সংঘাট লিপ্ত কৰিব বিচাৰিছো, এইটো প্ৰচাৰ চলোৱা যে আমি জাতি জনগোষ্ঠীৰ মাজত বিভাজন আনিবলৈ বিচাৰিছো, এজাহাৰ পৰ্যন্ত দিয়া হৈছে আমাৰ বিৰুদ্ধে বুলি তেওঁ উল্লেখ কৰে ৷

Advertisment

দৰাচলতে,  ধেমাজি জিলাৰ চিমেন চাপৰি চিচিটঙানি উন্নয়ন খণ্ডৰ এলেকাধীন ডিমৌ গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন আৰু শপত গ্ৰহণ কাৰ্য চলি থকা অৱস্থাতে টি এম পি কেৰ ২৫ জনীয়া এটা দুবৃৰ্ত্তৰ দলে এটা ব্যক্তিগত চেনেলৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণ কৰিছিল। এই ঘটনাকলৈ উত্তাল হৈ পৰে ধেমাজি জিলা।

প্ৰতিবাদত উপস্থিত থাকি প্ৰশান্ত ৰাজগুৰুৱে আৰু কয় যে, প্ৰকৃত সত্য কথাটো হ'ল যে আমি কোনো দল-সংগঠনৰ লগত সংঘাত বিচৰা নাছিলো, পৰিস্থিতি এনেকুৱা হৈ গ'ল যে দুই তিনিজন নেতাই এনেকুৱা এটা কাম কৰি পেলাইছে, সেইসকল নেতাক চিনাক্ত কৰিলে, আমাৰ বিৰুদ্ধে এনেকুৱা অপপ্ৰচাৰ হয় ৷ জাতীয় সংগঠনৰ আমাৰ প্ৰতি তেওঁলোকৰ সদভাৱ আছে ৷ আমাৰো তেওঁলোকৰ প্ৰতি সদভাৱ আছে ৷

তেওঁ কয় যে, টি এম পি কে আমাৰ শত্ৰু হ'ব নোৱাৰে আৰু টি এম পি কেৰ আমি শত্ৰু হ'ব নোৱাৰো ৷ কিন্ত টি এম পি কেৰ দুই তিনিজন নেতাই ৰাজনৈতিক পাকচক্ৰত পৰি আৰু ৰাজনৈতিক মলবক যি ধৰনৰ কাৰবাৰ আৰম্ভ কৰিছে , সমগ্ৰ অসমৰ মানুহৰ মুখে মুখে। চিলাপথাৰ, ধেমাজি আৰু জোনাই অঞ্চলত তুমুল অত্যাচাৰ চলিছে সাধাৰণ মানুহৰ ওপৰত আৰু তাৰ শেহতীয়া প্ৰমাণ সাংবাদিক মাৰ্ধু্য্য শইকীয়াৰ ওপৰত আক্ৰমণ ৷ এ

তেওঁ আৰু কয় যে, আজিৰ পৰা কিছুদিন পুৰ্বতে অসমীয়া প্ৰতিদিন কাকতৰ ধেমাজিৰ চিচিবৰগাঁওৰ সাংবাদিক মৃদুপৱন চুতীয়াই বাতৰি কৰাৰ বাবে তেওঁক হত্যা কৰিবলৈ মাৰনাস্ত্ৰ ক্ৰয় কৰা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহাযক কংকনজ্যোতি ভূঞাৰ বিৰুদ্ধেও এজাহাৰ দিয়াৰ পাছতো ধেমাজিৰ আৰক্ষীয়ে আজি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰাত এি ঘটনাক লৈও তীব্ৰ প্ৰতিবাদ কৰে ৷

সাংবাদিক মৃদুপৱন চুতীয়াক হত্যা কৰাৰ ভাবুকিকো গৰিহনা দিয়ে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনৰ লগতে বিভিন্ন জাতীয় দল সংগঠনে সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শেহতীয়াকৈ ৰাজ্যত ক্ৰমাগত ভাবে বৃদ্ধি পোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক নিন্দা কৰে ।

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনৰ আমোলত ৰাজ্যত ক্ৰমাগত ভাবে সাংবাদিক নিৰ্যাতনৰ ঘটনা ঘটিছে যদিও এই ক্ষেত্ৰত চৰকাৰখনে কোনো কঠোৰ পদক্ষেপ নোলোৱা কাৰ্যক চোকা সমালোচনা কৰে । বাতৰি সংগ্ৰহৰ বাবে যোৱা মাধুৰ্য শইকীয়াক টি এম পি কেৰ নেতা তিলক দলে আৰু মিন্টু  দলেৰ নেতৃত্বত প্ৰাণে মৰাৰ ভাবুকি দিয়া এই ঘটনাক বিভিন্ন দল সংগঠনৰ একেমুখে গৰিহণা দি ৰাজ্য চৰকাৰখনক সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দল সংগঠন সমূহে আহ্বান জনায় ।

প্ৰতিবাদী কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভুঞা, ধেমাজিৰ বিশিষ্ট নাগৰিক মুহি বৰগোহাঁই, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ মুখপাত্ৰ শৈলেন সোনোৱাল, আটাছুৰ মুখ্য উপদেষ্টা  দুলাল বৰুৱা, অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি নৰেন্দ্ৰ কুমাৰ পাৱ, বীৰ লাচিত সেনা অসমৰ জিলা সমিতিৰ সভাপতি যাদৱ নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা,  জিলা সমিতিৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই , অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ  চুতীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজু ৰাজ বৰপাত্ৰ গোঁহাই উপস্থিত থাকে।

উল্লেখ্য যে, প্ৰতিবাদৰ অন্তত মাৰ্ধু্য্য শইকীয়াৰ আক্ৰমণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ঋতুপল্লৱ বৰুৱাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ 

 

ধেমাজি