/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4a262781-9458-4b09-aa04-32e432276e4e/17.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ গাই নদীৰ দুয়োপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা আৰু চুমনি গাওঁৰ পৰা আমগুৰি গড়কাপ্তানি বিভাগৰ দলঙৰলৈ নতুন সম্প্ৰসাৰণ কৰা পথটো বেঁকাকৈ নিৰ্মান কৰাৰ পৰিবৰ্তে পোনকৈ নিৰ্মাণ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ আৰু ৰাইজৰ সহযোগত শনিবাৰে বিয়লি এঘন্টাতকৈ অধিক সময় ধৰি প্ৰতিবাদকাৰী সকলে ধেমাজি নগৰখনত এক অভিনৱ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷
সাংসদ প্ৰদান বৰুৱা , জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ ময়মতালি আৰু ধেমাজি জলসম্পদ বিভাগৰ কামৰ বিৰুদ্ধে সৰব হোৱা লগতে তৎক্ষানিকভাৱে চৰকাৰৰ দৃষ্টি গোচৰ বাবে ধাৰাবাহিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও এতিয়ালৈ জল সম্পদ বিভাগ তথা অসম চৰকাৰৰ কোনো গুৰুত্ব নিদিয়াত ৰাইজে ব্যাপক ক্ষোভিত হৈ পৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/46158598-35d4-4066-b480-19697811ab0a/bdc72da6_3999_492d_9153_8e555c8444a4.jpg)
শনিবাৰে বহুকেইখন গাওঁৰ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে-হাতে বেনাৰ, পোষ্টাৰ প্লে'ৰ্কাড লৈ নতুনকৈ সম্প্ৰসাৰণ কৰা মথাউৰিটো বেঁকাকৈ নিৰ্মাণ কৰা পৰিৱৰ্তে পোনোকৈ নিৰ্মান কৰক, গাইনদী দুয়োপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰক , জল বিভাগ মুৰ্দ্দাবাদ ,অসম চৰকাৰ হায় হায় ,প্ৰদান বৰুৱা গ'বেক ,ভূৱন পেগু মুৰ্দ্দাবাদ , গাইনদী নিমন্ত্ৰণ কৰি ৰাইজক জীয়াই থাকিবলৈ দিয়ক ইত্যাদি শ্লো'গানেৰে উত্তাল কৰি ধেমাজি ৰাজহচক্ৰৰ কাৰ্য্যালয়ৰ পৰা জল সম্পদ বিভাগৰ কাৰ্য্যালয়লৈকে গায়ন-বায়নে এক অভিনৱ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/88369123-a4e9-46b1-8e0a-83e8d8cea740/5996c67a_08a8_4783_a2b7_72ce204b443c.jpg)
উল্লেখ্য যে কেৰেকনি মাজগাঁও, কল্পনাপুৰ, বৰাচিৰা, ঘিলাগুৰি, জামুগুৰি, বামগাঁও, ধেমাজি গোহাঁইগাঁৱকে আদি কৰি প্ৰায় কুৰিখন গাঁৱৰ জনসাধাৰণৰ মাটি-ভেটি গাইনদীৰ বানত হেৰুৱাৰ আশংকাত ৰাইজে বিভাগীয় কতৃপক্ষ তথা সাংসদ প্ৰদান বৰুৱা স্থানীয় বিধায়ক ভূৱন পেগুক বাৰম্বাৰ অৱগত কৰিছিল যদিও এই গুৰুত্বপূৰ্ণ বিষয়টো দুই সাংসদ আৰু বিধায়কে কোনো গুৰুত্বই নিদিলে বুলি ৰাইজে অভিযোগ কৰিছে ৷
উল্লেখ্য যে চলিত মাহৰ ১২ মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা লগতে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মুখ্য সচিবলৈ বিষয়টো অৱগত কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰি থকাৰ পাছতো আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে৷ ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া নেতৃত্বত জিলা সমিতি আৰু কেৰেকনি আঞ্চলিক সমিতিৰ বিষয়বীয়া সকল জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা অভিযন্তা প্ৰিতম গগৈ সৈতে আলোচনাৰ পিছতো ধেমাজি জল বিভাগে এতিয়ালৈকে ৰাইজৰ দাবী মতে কোনো কামেই কৰিবলৈ সক্ষম নহ'ল বুলি অভিযোগ কৰিছে
কাৰ্য্যসূচীৰ শেষত প্ৰতিবাদকাৰীসকলে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া ,কাৰ্য্যকৰী সভাপতি কৃষ্ণ ভুঞাঁ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ ধীৰেন দিহিঙীয়াই স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ ধেমাজি জিলাৰ আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী, আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্ত্ৰালৈ প্ৰেৰণ কৰে ।
প্ৰতিবাদকাৰীসকলে জল সম্পদ বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰা লগতে যেতিয়ালৈকে ৰাইজৰ সমস্যা সমাধান হোৱাকৈ কোনো পদক্ষেপ গ্ৰহন নকৰে তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব বুলিও ৰাইজে সক্ৰিয়াই দিয়ে ৷
Also Read: ঢকুৱাখনাত "প্রশ্নকাকত প্ৰস্তুতকৰণ আৰু উত্তৰবহী মূল্যায়ন" শীর্ষক কর্মশালা