জ্যেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ বিয়োগত ধেমাজি প্ৰেছ ক্লাৱত শোক...

দুদিনলৈ ক্লাৱৰ পতাকা অৰ্ধনমিত

author-image
Asomiya Pratidin
New Update
জ্যেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ বিয়োগত ধেমাজি প্ৰেছ ক্লাৱত শোক...

জ্যেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ বিয়োগত ধেমাজি প্ৰেছ ক্লাৱত শোক...

ডিজিটেল সংবাদ ধেমাজিঃ জ্যেষ্ঠ সাংবাদিক তথা অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূব মণ্ডলৰ উপ- সভাপতি অখিল চন্দ্ৰ দাসৰ মৃত্যুত ধেমাজি প্ৰেছ ক্লাৱ আৰু ধেমাজি জিলা সাংবাদিক সংস্থাই গভীৰ শোক প্ৰকাশ কৰিছে ৷ ধেমাজি প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত সাংবাদিকগৰাকীক স্মৰণ কৰি সোমবাৰে এখনি শোক সভাও অনুষ্ঠিত কৰা হয়।

Advertisment

এই শোকসভাত প্ৰয়াত সাংবাদিকগৰাকীৰ আত্মাৰ সদগতিক অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সভাত শোক সন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জনোৱা হয়। ইফালে অসম বাৰ্তাজীৱী সংঘৰ আহ্বা অনুসৰি ক্লাৱে সোমবাৰৰ পৰা মঙ্গলবাৰলৈ দুদিন ধৰি প্ৰেছ ক্লাৱৰ পতাকা অৰ্ধনমিত কৰিছে।

Also Read: কোপা আমেৰিকা বিজয়েৰে বিদায় ল'লে ডি মাৰিয়াই...

ধেমাজি প্ৰেছ ক্লাৱ