ধেমাজিত সন্ত্ৰাস সৃষ্টি কৰা তিনি চোৰক গ্ৰেপ্তাৰ...

ধেমাজি সদৰ আৰক্ষীয়ে অভিযান চলাই সোমবাৰে ৰাতি বিষ্ণুপুৰ পাঁচআলিৰ সমীপৱৰ্তী বালি গাঁৱৰ পৰা তিনি চোৰ ক্ৰমে সনাতন সোণোৱাল, নোমল দাস আৰু পূৰ্ণকান্ত মিলিক আটক কৰে৷

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ধেমাজিত সন্ত্ৰাস সৃষ্টি কৰা তিনি চোৰক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি সদৰ আৰক্ষীয়ে এক অভিযান চলাই সোমবাৰে ৰাতি বিষ্ণুপুৰ পাঁচআলিৰ সমীপৱৰ্তী বালি গাঁৱৰ পৰাচোৰ কৰা অৱস্থাত তিনি চোৰ ক্ৰমে সনাতন সোণোৱাল (২৩),নোমল দাস(২৪) আৰু পূৰ্ণকান্ত মিলি(৩৪)ক আটক কৰে৷

ধেমাজিত সন্ত্ৰাস সৃষ্টি কৰা তিনি চোৰক গ্ৰেপ্তাৰ...

উল্লেখ্য যে,বহু দিনৰে পৰাই উক্ত তিনিচোৰে নিজৰ ৰূপ সলনি কৰিএজনে ই-ৰিক্সা চালক, আন জনে ভঙাচিঙা সামগ্ৰীৰ ব্যৱসায়ী আদিৰ ৰূপত থাকি গাঁৱৰ বিভিন্ন ঠাইত অতি কৌশলেৰে চোৰ কৰি সন্ত্ৰাসচলাই আহিছিল৷ আশ্চৰ্যজনকভাৱে চোৰ তিনিটাই চুৰি কৰি অনা সামগ্ৰী বোৰ এঠাইত জমা কৰি পুৰি ক'লা বৰণ কৰি কাবাৰী দোকানী অথবা অন্য লোকক বিক্ৰী কৰি আহিছিল৷

চোৰ তিনিটাক আটক কৰা পিছতে আৰক্ষীয়ে সোধপোচ কৰাত আৰক্ষীৰ আগত তেওঁলোকৰ  কৌশল সমূহৰবিষয়ে স্বীকাৰ কৰে৷আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে চোৰকেইটাৰ পৰা বহু সংখ্যাক কাহৰ কাঁহী-বাটি, এখন মটৰচাইকেল,মুগাৰ কাপোৰ, বৈদ্যুতিক তাঁৰ, লোৰ খিৰিকী ইত্যাদি বহুসংখ্যক বয়বস্তু জব্দ কৰে৷

চোৰ