ধেমাজিত ৭৫ শতাংশৰো অধিক ভোটদান...

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণত ধেমাজি জিলাখনৰ তিনিটা সমষ্টিৰ ভিতৰত ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ আঠটা জিলা পৰিষদ সমষ্টিত ভোটদানৰ শান্তিপূৰ্ণভাৱে সামৰণি পৰিছে৷

author-image
Tushar Pratim
New Update
নিজৰ পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাই নিবলৈ উৎসাহেৰে ওলাই আহিল ধেমাজিৰ ৰাইজ

ডিজিটেল সংবাদ ধেমাজিঃ ৰাজ্যৰ ১৪ জিলাৰ লগতে শুকুৰবাৰে ধেমাজি জিলাতো অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণত ধেমাজি জিলাখনৰ  তিনিটা সমষ্টিৰ ভিতৰত ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ আঠটা জিলা পৰিষদ সমষ্টিত ভোটদানৰ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সামৰণি পৰিছে৷

Advertisment

নিজৰ পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাই নিবলৈ উৎসাহেৰে ওলাই আহিল ধেমাজিৰ ৰাইজ

জিলা প্ৰশাসনৰ তথ্য অনুসৰি ৰাতি ৯ বজাৰ পৰ্যন্ত ভোটদানৰ হাৰ ৭৫ শতাংশ যদিও এতিয়াও ৫০ টা ভোট কেন্দ্ৰৰ আহি পোৱা নাই৷জিলাখনৰ ধেমাজি সমষ্টিৰ অন্তৰ্গত ১ নং বৰদলনি, ২নং ধেমাজি-১, ৩ নং ধেমাজি-২,  ৪ নং গোগামুখ জিলা পৰিষদ সমষ্টি উপৰিও চিচিবৰগাঁও সমষ্টিৰ অধীনৰ ৫ নং দক্ষিণ ধেমাজি, ৬ নং মাছখোৱা, ৭নং চিলাপথাৰ আৰু ৮ নং চিচিবৰগাঁও জিলা পৰিষদ সমষ্টিৰ সৈতে মুঠ আঠটা জিলা পৰিষদ সমষ্টিত মুঠ ৩ লাখ ৮০১ গৰাকী ভোটাৰেৰে ৪৪৩ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান হৈছে৷

নিজৰ পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাই নিবলৈ উৎসাহেৰে ওলাই আহিল ধেমাজিৰ ৰাইজ

অন্যবাৰকৈ এইবাৰ নিৰ্বাচনত ভোট কেন্দ্ৰ সমূহত ৰাইজে অতি উৎসাহেৰে দীঘলীয়াকৈ শাৰি পাতি সন্ধিয়া ৬ বজাৰ পৰ্যন্ত নিজৰ ভোট দিবলৈ অপেক্ষা কৰি আছে৷ বিশেষকৈ জনজাতি অঞ্চলৰ জীয়াঢলৰ দিহিৰি প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰ, লক্ষীপথাৰ হাইস্কুল সোঁ আৰু বাওঁ ভোট গ্ৰহণ কেন্দ্ৰ, ৰাইচাপৰি দলপা এল পি স্কুল, খলিহামাৰী পমোৱা এল পি স্কুল ভোট কেন্দ্ৰ কেইটাত শ শ ৰাইজে এক উৎসৱমুখৰ পৰিবেশৰে ভোটদান সাৱ্যস্ত কৰিবলৈ উলাই অহা দেখা গৈছে৷

পঞ্চায়ত নিৰ্বাচন