/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-20/b38zg0sg/48.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলা গ্ৰাম সেৱক গ্ৰাম সেৱিকা সন্থাৰ সহযোগত ধেমাজি ক্ৰীড়া প্ৰাংগনত দেওবাৰে সদৌ অসম গ্ৰাম সেৱক গ্ৰাম সেৱিকা সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ ১৯৫৭ চনতে গঠন হোৱা সদৌ অসম গ্ৰাম সেৱক গ্ৰাম সেৱিকা সন্থাই সংগঠনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দাবীত জৰুৰীভাৱে ধেমাজিত অনুষ্ঠিত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-20/xz378mn7/ba5698e2-d079-4a00-ad70-73e5ff22b05a.jpg)
সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সন্থাৰ মুখ্য সম্পাদিকা ৰশ্মি ৰেখা তালুকদাৰে ৷ সন্থাৰ সভাপতি পবিত্ৰ ফুকনৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাই বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহC কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-20/3t9njcp1/71d17eb7-e4aa-4fe8-9e04-a2b235a3bd8f.jpg)
সভাই অসম চৰকাৰক শীঘ্ৰেই গ্ৰাম সেৱক গ্ৰাম সেৱিকাৰ সকলক জ্যেষ্ঠতাৰ ভিত্তিত সহকাৰী খণ্ড উন্নয়ন বিষয়া হিচাপে এশ শতাংশ খালি পদত পদোন্নতিৰ ব্যৱস্থা গ্ৰহণ কৰা, অন্য বিভাগৰ কৰ্মচাৰীৰ দৰে গ্ৰাম সেৱক গ্ৰাম সেৱিকা সকলক গ্ৰেজুৱেট স্কেলত গ্ৰেড পে দিয়া ব্যৱস্থা কৰা, প্ৰয়োজন সাপেক্ষে চৰকাৰে নতুনকৈ সহকাৰী খণ্ড উন্নয়ন বিষয়াৰ পদ সৃষ্টি কৰি ১০বছৰ অধিক কাল কাৰ্য্যনিৰ্বাহ কৰি থকা গ্ৰাম সেৱক গ্ৰাম সেৱিকা সকলক পদোন্নতিৰ শীঘ্ৰেই ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত কৰে ৷